প্ৰথম ভাৰতীয় মহিলা চিকিত্সক গৰাকী কোন আপুনি জানেনে। তেওঁ হৈছে আনন্দীবাই যোশী। তেওঁৰ সম্পূৰ্ণ নামটো হৈছে আনন্দীবাই গোপালৰাও যোশী। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পশ্চিমীয়া ঔষধত শিক্ষা সম্পূৰ্ণ কৰি প্ৰথম ভাৰতীয় মহিলা চিকিত্সক হৈছিল। আনন্দীবাইৰ এই পদক্ষেপে সেই সময়তে বহুতো মহিলাৰ বাবে অনুপ্ৰেৰণাৰ উত্স আছিল। আনন্দীবাই ভাৰতৰ পৰা বিদেশত গৈ পশ্চিমীয়া ঔষধৰ ওপৰত দুবছৰীয়া ডিগ্ৰী লাভ কৰি স্নাতক হোৱা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল।
আনন্দীবাই এটা জমিদাৰ পৰিয়ালত জন্ম গ্ৰহন কৰিছিল। আনন্দীবাইৰ সৰুকালৰ নাম আছিল ‘যমুনা’ আৰু বিয়াৰ পাছত তেওঁৰ স্বামী গোপালৰাও যোশীয়ে আনন্দী নামটো দিছিল। সৰুতেই তেওঁ পিতৃ-মাতৃ হেচাত পৰি মাত্ৰ ৯ বছৰ বয়সতে বিবাশ পাশত আবদ্ধ হ’ব লগীয়া হৈছিল। আনন্দীবাইৰ স্বামী গোপালৰাও এগৰাকী চিন্তাবিদ আছিল আৰু তেওঁ মহিলাৰ শিক্ষা সমৰ্থন কৰিছিল। গোপালৰাওয়ে তেওঁক এখন মিছনেৰী স্কুলত নামভৰ্তি কৰাই দিছিল আৰু পাচলৈ তেওঁ কলিকতালৈ গৈ সংস্কৃত আৰু ইংৰাজী ভাষা ক’বলৈ শিকিছিলগৈ।
সেই সময়ত স্বামীসকলে মহিলা শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াতো অস্বাভাবিক আছিল। কিন্তু গোপালৰাওৱে আনন্দীবাইৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি সমগ্ৰ পৃথিবাৰ আগত নিজৰ পৰিচয় দাঙি ধৰিছিল। গোপালৰাওৱে আনন্দীবাইক আমেৰিকালৈ উচ্চ শিক্ষাৰ বাবে পঠাইছিল যাতে চিকিত্সা আৰু ঔষধৰ বিষয়ে আৰু অধিক বিতংভাৱে অধ্যয়ন কৰিব পাৰে।
আমেৰিকালৈ যোৱাৰ আগতে আনন্দীবাইয়ে ১৮৮৩ চনত এখন ৰাজহুৱা সভাত ভাষণ দিছিল য’ত তেওঁ ভাৰতত মহিলা চিকিত্সকৰ অভাবৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁ কৈছিল ‘মই নিজকে এজন স্বেচ্ছাসেৱী হিচাপে নিয়োজিত কৰিব বিচাৰো’। চিকিত্সাজনিত জৰুৰীকালিন যিকোনো অৱস্থাত নিজকে নিয়োজিত কৰিব পৰাৰ বিষয়েও তেওঁ কৈছিল। লগতে তেওঁ এইটো কৈছিল যে, ভাৰতীয় হিন্দু মহিলাসকল আন হিন্দু মহিলাৰ বাবে চিকিত্সক হ’ব পাৰে।
আনন্দীবাই পেনছিলভেনিয়াৰ মহিলা চিকিত্সালয় মহাবিদ্যালয়ৰ পৰা দুবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰি ১৮৮৬ চনত এমডি ডিগ্ৰী লাভ কৰিছিল আৰু তেওঁৰ থেচিছৰ বিষয় আছিল ‘আৰ্য হিন্দুসকলৰ মাজত প্ৰসূতি’। তেওঁ থেচিছত আয়ুৰৰ্বেদিক পাঠ্যক্ৰম আৰু আমেৰিকাৰ পাঠ্যক্ৰম সামৰি লৈছিল।
ভাৰতৰ প্ৰথম মহিলা চিকিত্সক কোন আছিল সেই সন্দৰ্ভত আনন্দীবাই যোশী আৰু কদম্বিনী গাংগুলীৰ মাজত এক ডাঙৰ বিভ্ৰান্তি আছে। আনন্দীবাই পেনচিলভেনিয়াৰ মহিলা চিকিৎসা মহাবিদ্যালয়ৰ পৰা পশ্চিমীয়া ঔষধত ডিগ্ৰী লাভ কৰিছিল আৰু কদম্বিনীয়ে ভাৰতত শিক্ষা সম্পূৰ্ণ কৰিছিল। দুখজনকভাৱে, আনন্দীবাই যোশীৰ ২২ বছৰ বয়সতে টুবেৰকলোচিছৰ ফলত মৃত্যু হৈছিল।
তেওঁৰ মৃত্যুৰ পাচত দূৰদৰ্শনে তেওঁৰ জীৱনৰ ওপৰত দূৰদৰ্শন শৃংখলাও আধাৰিত কৰিছিল আৰু তেওঁৰ মৃত্যুৰ পিছত আমেৰিকান নাৰীবাদা লেখিকা কোলৰিন ৱেলছ হেলি ডেলে ১৮৮৮ চনত তেওঁৰ জীৱনী লিখি উলিয়াইছিল।
আনন্দীবাই গোপালৰাও যোশী লাখ লাখ ভাৰতীয় মহিলাৰ বাবে অনুপ্ৰেৰণা হৈ আহিছে যিয়ে নিজকে এগৰাকী দায়িত্বশীল মহিলা হোৱাৰ বাবে অনুপ্ৰেৰণা যোগাইছিল। তেওঁ নিজৰ জীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰি ইতিহাস সৃষ্টি কৰি থৈ গৈছে।