কৰ’নাৰ চতুৰ্থ ঢৌৰ প্ৰবল আশংকা!মুখ্যমন্ত্ৰীসকলৰ লগত গুৰুত্বপূৰ্ণ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

 

ডিজিটেল ডেস্কঃ পুনৰ কৰ’নাৰ সংহাৰী ৰূপৰ আশংকা কৰা হৈছে। চতুৰ্থ ঢৌৱে কোবাই যাব পাৰে ভাৰতক। সেই সম্ভাৱনা প্ৰৱল হয় পৰিছে কিয়নো ভাৰতত কৰ’না ভাইৰাছৰ ঘটনা আকৌ এবাৰ দ্ৰুত গতিত বৃদ্ধি পাইছে। 

কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠক আহ্বান কৰিছে। এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ কৰ’না পৰিস্থিতিৰ বিষয়ে পৰ্যালোচনা কৰিব। 

এই পৰ্যালোচনাত বিশেষকৈ স্থান পাব কৰ’নাৰ বৰ্ধিত সংক্ৰমণ ৰোধ কৰাৰ ব্যৱস্থাৰ বিষয়ে। সূচী অনুসৰি, প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক দুপৰীয়া ১২ বজাত আৰম্ভ হ’ব। 

কৰ’নাৰ চতুৰ্থ ঢৌৰ আশংকাৰ মাজত দেশৰ ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এইখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম বৈঠক। ইয়াৰ পূৰ্বেও সময়ে সময়ে প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীৰ সৈতে কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰি আহিছে। 

আজিৰ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post