আজি বড়ো জনগোষ্ঠীৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনৰ দিন ঘোষণা কৰা হৈছে৷ বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশন তামুলপুৰত অনুষ্ঠিত হ’ব৷ কোভিডৰ বাবে পূৰ্ব নিৰ্ধাৰণ কৰা দিনত অনুষ্ঠিত কৰিব নোৱাৰি পিছুৱাই দিয়া হৈছিল৷ আজি পুনৰ দিন ঘোষণা কৰা হৈছে৷ অহা ২৭, ২৮ আৰু ২৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বড়ো সাহিত্য সভাৰ অধিবেশন। অধিবেশনত দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ উপস্থিত থাকিব৷ ২৯ এপ্ৰিলৰ অধিবেশনৰ মুকলি সভাত ভাৰতৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। আজি অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে বড়ো সাহিত্য সভাৰ অধিবেশনৰ স্থান পৰিদৰ্শন কৰে। তামুলপুৰ চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশনক লৈ এতিয়াৰ পৰা ব্যস্ত হৈ পৰিছে ৰাইজ৷