পুত্ৰই জনালে মৃত্যুৰ পিছত বাপ্পী লাহিড়ীৰ সোণৰ গহনাবোৰ কি কৰা হ'ব

 


গুৱাহাটী, ২৪ মাৰ্চঃ কিংবদন্তী সংগীতজ্ঞ বাপ্পী লাহিড়ীৰ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৬৯ বছৰ বয়সত মৃত্যু হয়। কিংবদন্তী সংগীতজ্ঞজন তেওঁৰ ট্ৰেডমাৰ্ক সোণৰ চেইন আৰু আঙুঠিৰ বাবেও জনাজাত আছিল। তেওঁ গধুৰ সোণৰ গহনাক নিজৰ বাবে ভাগ্যৱান বুলি গণ্য কৰে। বৰ্তমান, তেওঁৰ পুত্ৰ বাপ্পা লাহিড়ীয়ে কৈছে যে, "মোৰ পৰিয়ালে বাপ্পী লাহিড়ীৰ সোণৰ গহণাখিনি সংগ্ৰহ কৰি ৰখা সন্দৰ্ভত এটা পৰিকল্পনা কৰি আছে।"

উক্ত বিষয়ৰ কথা পাতি পুত্ৰ বাপ্পা লাহিড়ীয়ে প্ৰকাশ কৰিছে যে, মোৰ দেউতাই ভেটিকান চিটিৰ পৰা হলিউডলৈকে সমগ্ৰ বিশ্বৰ পৰা সোণৰ গহণা আনিছে। দেউতাই মোক কৈছিল যে, সোণ পিন্ধাটো কেৱল এক ফেশ্বন নহয়, ইয়াৰ পৰিৱৰ্তে মোৰ দেউতাৰ সোণৰ প্ৰতি আধ্যাত্মিক আসক্তি আছিল।"


বাপ্পা লাহিড়ীয়ে লগতে জনায় যে, "মোৰ দেউতাই পুৱা ৫ বজাৰ বিমান যাত্ৰাটো সোণ পিন্ধি যায়। মোৰ দেউতাই সোণৰ সংগ্ৰহক তেওঁৰ শক্তি হিচাপে গণ্য কৰে। বলীউডৰ কিছুমান চলচ্চিত্ৰৰ বাবে সংগীত ৰচনা কৰা বাপ্পাই প্ৰকাশ কৰিছে যে, " বৰ্তমান মোৰ পৰিয়ালে এটা সংগ্ৰহালয়ত সোণখিনি সংৰক্ষণ কৰিব বিচাৰিছে। কাৰণ এইখিনি মোৰ দেউতাৰ প্ৰিয় বস্তু আছিল।"


"লগতে আমি বিচাৰো যে মানুহে মোৰ দেউতাৰ সোণৰ সমাগ্ৰীবোৰ চাওক, সেয়েহে আমি এইবোৰ গহণা এটা সংগ্ৰহালয়ত ৰাখিব বিচাৰিছোঁ। মোৰ দেউতাৰ জোতা, চানগ্লাছ, টুপী, ঘড়ী আৰু গহনা ৰ এক বিশাল সংগ্ৰহ আছে, যিটো দেউতাই সদায়ে পিন্ধিবলৈ ভাল পাইছিল আৰু আমি ইয়াক প্ৰদৰ্শন কৰিবলৈ ভাল পাম।"


Post a Comment

Previous Post Next Post