প্ৰথমবাৰৰ বাবে ৰাছিয়াৰ ভূমিত প্ৰত্যাক্ৰমণ ইউক্ৰেইনৰ

 

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত প্ৰথমবাৰৰ বাবে ইউক্ৰেইনে ৰাছিয়াৰ ভূমিত প্ৰত্যাক্ৰমণ সংঘটিত কৰিছে। শুকুৰবাৰে ইউক্ৰেইনৰ দুখন হেলিকপ্তাৰে ৰাছিয়ান চহৰ বেলগোৰোডত প্ৰৱেশ কৰি ৰাছিয়াৰ তৈল খাদত আক্ৰমণ সংঘটিত কৰে।

ইউক্ৰেইনৰ ৰাছিয়াৰ ভূমিত প্ৰতিআক্ৰমণৰ এটা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু সেই দৃশ্যটোত ইউক্ৰেইনৰ সামৰিক হেলিকপ্তাৰে অতি কম উচ্চতাৰ পৰা ৰাছিয়াৰ ভূমিত মিছাইল নিক্ষেপ কৰা দেখা গৈছে।

অতি কম উচ্চতাৰে উৰি অহা হেলিকপ্তাৰ দুখনে সীমা অতিক্ৰম কৰি ৰাছিয়াৰ ভূমিত প্ৰৱেশ কৰি আক্ৰমণ কৰি পুনৰ উভতি যায় বুলি চহৰখনৰ আঞ্চলিক গৱৰ্ণৰে সদৰী কৰে।

অৱশ্যে, ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগৰ তৰফৰ পৰা ইউক্ৰেইনৰ ৰাছিয়াৰ ওপৰত কৰা প্ৰত্যাক্ৰমণৰ বিষয়ে এতিয়ালৈ প্ৰকাশ কৰা নায়।

Post a Comment

Previous Post Next Post