এগৰাকী মাতৃৰ কৰুণ বিননী, কন্যা আহিব আহিব বুলি নঙলা মুখলৈ চাই কটাইছে দেৰটাকৈ মাহ


 

টীয়ক ৰ পৰা উৎপল জ্যোতি খাউণ্ড


কন্যা আহিব আহিব বুলি নঙলা মুখলৈ চাই কটাইছে দেৰটাকৈ মাহ, নাই পেটত ভোক,নাই পিয়াহ,কেৱল মাত্ৰ চিন্তা বৰ জী কেনে আছে ক'ত আছে??হয় আমি দেখুওৱাব খুজিছো টীয়কৰ ঢেকীয়াখোৱা দগা চুকৰ এটি কৰুণ কাহিনী।


এই যে দেখিছে এইগৰাকী মাতৃয়ে ৰোগীয়া স্বামীৰ লগতে পৰিয়ালটোক মাটিৰ টেকেলী নিৰ্মাণত কৰি পোহপাল দি আহিছে। কষ্টোপাৰ্জিত ধনেৰে বৰ জী মৌচুমী চমুৱাক মেট্ৰিকৰ দেওনা পাৰ কৰাই উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰাইছিল।ভাবিছিল ছোৱালীয়ে ভালদৰে পঢ়া শুনা কৰি বৰ জীৰ দ্বায়িত্ব পালি পৰিয়ালটোক আগুৱাই নিব।কিন্তু সকলো যেন মূহুত্বতে শেষ হৈ গ'ল।কিয়নো যোৱা ১৭ ফেব্ৰুৱাৰীৰ দিনা ১৯ বছৰীয়া মৌচুমী মহাবিদ্যালয়লৈ গৈ আৰু ঘূৰি নাহিল।



মাকলৈ মাত্ৰ এটা ফোনকল- "মা মই অমল নাথ ওৰফে লক্ষ্য নামৰ ল'ৰা এটাৰ লগত বিয়া হৈ গুচি আহিলো ৰঙিয়া পালোহি,কালিলৈ তাৰ গোলাঘাটৰ ঘৰলৈ যাম চিন্তা নকৰিবি।"সিমানেই তাৰ পাছত আজি পৰ্যন্ত কোনো যোগাযোগ নাই মাতৃ অথবা পৰিয়ালৰ অন্য সদস্যৰ সৈতে।

জীয়েকৰ এনে কথা শুনি মাকৰ হৃদয় ভাঙি পৰিল যদিও বিধিৰ বিধানক স্বীকাৰ কৰি সকলো জল্পনা কল্পনা জলাঞ্জলি দি তাইৰ সুখ কামনা কৰি এবাৰ ঘৰলৈ ন জোৱাইৰ সৈতে আহিবলৈ কৈছিল যদিও আজি দেৰ মাহে জীয়েকৰ কোনো খা-খবৰ নাপাই এতিয়া নিৰুপায় হৈ পৰিছে মাতৃগৰাকীৰ লগতে পৰিয়ালবৰ্গ।



অৱশ্যে স্থানীয় লাহদৈগড় আৰক্ষীক এই বিষয়ত মৌখিকভাৱে অৱগত কৰিছিল পৰিয়ালটোৱে আৰু আৰক্ষীয়েও ইতিমধ্যে অনুসন্ধান জাৰি ৰাখিছে আৰু পৰিয়ালৰ লোকেও গোলাঘাটৰ বিভিন্ন অঞ্চলত বিচাৰি ফুৰিছে নিজৰ কন্যাক যদিও এই পৰ্যন্ত কোনো সম্ভেদ লাভ কৰা নাই।


মাতৃৰ সন্দেহ যে ফেচবুকত প্ৰেমৰ চক্ৰান্ত কৰি ছোৱালীজনীক বিভিন্ন সমাজ বিৰোধী কাম কাজত লিপ্ত কৰিবলৈ অপহৰণ কৰিছে।সেয়ে এতিয়া চিন্তিত মাতৃয়ে ছোৱালীজনীৰ সম্ভেদৰ  ক্ষেত্ৰত সদৌ অসমবাসীৰে কিঞ্চিত সহায় বিচাৰিছে আৰু ঘূৰি নাহিলেও ক'ত আছে কেনে আছে তাক এটা ফোন কৰি হ'লেও  জনাবলৈ মৰমৰ বৰজীক  আহ্বান জনাইছে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে।

Post a Comment

Previous Post Next Post