তেতিয়াৰ পৰা, মোৰ শহুৰেই মোৰ পিতৃ-মাতৃৰ ভূমিকা গ্ৰহণ কৰিছিল; তেওঁলোকে মোক বিদ্যালয়ত নামভৰ্তি কৰাইছিল। মই প্ৰথমে কেতিয়াও স্কুললৈ যোৱা নাছিলোঁ, সেয়েহে নতুন কিতাপ, কলম আৰু শ্লেট ক্ৰয় কৰাৰ গোটেই প্ৰক্ৰিয়াটো মোৰ বাবে ৰোমাঞ্চকৰ আছিল। প্ৰত্যেক ৰাতিপুৱা, মই আৰু মোৰ স্বামী একেলগে স্কুললৈ গুচি যাওঁ আৰু একেলগে আমি ঘূৰিও আহোঁ, মায়ে আমাক নিজৰ হাতেৰে খাদ্য খুৱাইছিল আৰু দেউতাই ৰাতি কাহিনী বৰ্ণনা কৰিছিল।সঁচাকৈয়ে, মই মোৰ মাতৃগৃহত থকাতকৈ মোৰ শহুৰৰ ঘৰত অধিক সুখী আছিলোঁ। যেতিয়া মোৰ ১৫ বছৰ হ'ল দেউতাই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে । মাই এই শোক সহ্য কৰিব নোৱাৰি পক্ষাঘাতত ভুগিলে।
হঠাতে আমাৰ ওপৰত ঘৰ চলোৱাৰ দায়িত্ব আহি পৰিল। প্ৰথমে আমি ত্যাগ কৰিব লগীয়া হৈছিল আমাৰ শিক্ষা। পেটৰ তাড়নাত শিক্ষা অসম্ভৱ আছিল । মোৰ স্বামীয়ে ওচৰত খেতিত কাম কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কোনো অভিজ্ঞতা নাছিল, সেয়েহে তেওঁ মাহে ১৫০০ টকা পাইছিল। আমাৰ ঘৰ চলিবলৈ সেয়া যথেষ্ট নাছিল, আৰু মাৰ ঔষধবোৰো ব্যয়বহুল আছিল। মই এদিন মোৰ স্বামীক খেতিলৈ যাম বুলি কৈছিলোঁ। তেওঁ মান্তি হোৱাত পিছদিনা মই মোৰ স্বামীৰ স’তে খেতিলৈ গৈছিলো । তাত কোনো ছোৱালী নাছিল, সেয়ে পুৰুষ সকলে মোক এনেদৰে চাইছিল যেন মই এগৰাকী এলিয়েন।প্ৰথমে তেওঁলোকে তেওঁক ঠাট্টা কৰিছিল । কিন্তু তেওঁলোকৰ মালিকে এনে দুৰ্ব্যৱহাৰ কৰা পুৰুষসকলক নিলম্বন কৰিছিল আৰু স্পষ্ট সতৰ্কবাণী দিছিল যে– যদি তাত কাম কৰা এগৰাকী মহিলাৰ সৈতে কাৰোবাৰ সমস্যা হয় তেন্তে তেওঁলোকে এৰি যাব পাৰে!
তেতিয়াৰে পৰাই তেওঁলোকে মাহে ৩০০০ টকা উপাৰ্জন কৰা আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁলোকৰ পৰিয়ালটো ডাঙৰ হৈছিল আৰু এগৰাকী কন্যা সন্তানৰ জন্ম পাইছিল । তেওঁ কৈছিল: যিদিনা তাইৰ জন্ম হৈছিল, মোৰ স্বামীয়ে তাইক তুলি লৈ ক'লে, 'এই অফিচাৰ হ'ব!' আৰু আমি প্ৰতিদিনে ঠিক সেইটোৱেই কাম কৰি আছো। আমি অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰোঁ যাতে তাই কেতিয়াও তাইৰ শিক্ষা এৰিব নালাগে যেনেকৈ আমি কৰিব লাগিছিল। দুখৰ বিষয় টো হ'ল, আজিও মানুহে আমাক হাঁহি কয়, 'তাইৰ বিয়া কৰাই দিয়া সেইটোৱে তোমালোকৰ কাৰণে শ্ৰেয়' ।যেতিয়া মই খেতিত কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ তেতিয়া তেওঁলোকে মোক হাঁহিছিল। কিন্তু এতিয়া, ইয়াত ১২ গৰাকী মহিলা কৃষক আছে, পুৰুষৰ সৈতে একে পৰিমাণৰ ধন উপাৰ্জন কৰিছে! গতিকে মই এটা পৰিৱৰ্তন আনিব বিচাৰো। পঢ়িব নোৱাৰিলেও মই পৰিৱৰ্তন নিশ্চয় আনিম ।