আলুৰ পৰিৱৰ্তে পথাৰৰ পৰা ওলাল সোণৰ মুদ্ৰা

 গুৱাহাটী, ২৬ মাৰ্চঃ চিনেমাৰ সেই বিশেষ গানটো, 'মেৰে দেশ কে ধৰতী, সোণা উগলে, উগলে হীৰ ম’তি, মেৰে দেশ কে ধৰতী' হয়টো সকলোৱে শুনিছে। এই গানটেৰ সৈতে মিল থকা এক সত্য ঘটনা পোহৰলৈ আহিছে। বাক্সাৰ জিলাত এনে এক ঘটনা সন্মুখলৈ আহিছে, যি এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। 

দৰাচলতে, বাক্সাৰ সোনবৰচা আৰক্ষী থানাৰ সমীপৱৰ্তী এলেকাৰ গিৰধৰ বাৰাও গাঁৱৰ এখন আলুৰ খেতিপথাৰত কাম কৰি থকা সময়ত এগৰাকী মহিলাই অতি প্ৰাচীন সোণৰ মুদ্ৰা বিচাৰি পাইছে। 


তথ্য অনুসৰি, মহিলাগৰাকীয়ে পথাৰত কাম কৰি থাকোতে হঠাতে খননৰ সময়ত তেওঁ প্ৰথমে ১ টা সোণৰ মুদ্ৰা পায়, তাৰ পিছত তেওঁ খনন কৰি আৰু ২ টা মুদ্ৰা বিচাৰি পায়। আলুৰ খেতিপথাৰত সোণৰ মুদ্ৰা পোৱাৰ খবৰ গাওঁখনত জুইৰ দৰে বিয়পি পৰে, তাৰ পিছত গাওঁবাসীও খেতিপথাৰৰ ফালে দৌৰি আহে। সেই সময়ত, আন এজন ব্যক্তিয়েও খননৰ সময়ত এটা সোণৰ মুদ্ৰা পাবলৈ সক্ষম হয়। 


অৱশ্যে, এই খবৰটো অঞ্চলটোত ইমান সোনাকালে বিয়পি পৰে যে, ই সৰ্বত্ৰে আলোচনাৰ বিষয় হৈ পৰে আৰু বিষয়টো গৈ আৰক্ষীৰ ওচৰ পায়। তাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলা গৰাকী আৰু পুৰুষজনৰ পৰা ৩ টা মুদ্ৰা উদ্ধাৰ কৰে, আনহাতে এজন ল'ৰাই মহিলাগৰাকীৰ পৰা এটা মুদ্ৰা ২৭ হাজাৰ টকাত বিক্ৰী কৰিবলৈ লোৱাটোও সন্মুখলৈ আহে।  

ইপিনে, ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে উক্ত অঞ্চলটো চাৰিওফালৰ পৰা আগুৰি ধৰে আৰু জ্যেষ্ঠ বিষয়াসকলৰ সহায়ত পুৰাতত্ত্ব বিভাগৰ দল এটাক এই বিষয়ে অৱগত কৰা হয়। গাওঁখনৰ লোকসকলক খেতিপথাৰৰ পৰা আঁতৰাই ৰখা হয় আৰু বিষয়টো ভালদৰে অনুসন্ধান কৰা হয়।

যদিও স্থানীয় লোকসকলে বিশ্বাস কৰে যে প্ৰাচীন সোণৰ মুদ্ৰা পোৱা পথাৰখন দীৰ্ঘদিন ধৰি বন্ধকত আছিল, কিন্তু এইবাৰ গাঁৱৰ এজন ব্যক্তিয়ে সেই পথাৰত আলু খেতি কৰিছে। গাওঁখনৰ মহিলাসকলে পথাৰত আলু চপোৱাৰ বাবে কাম কৰি আছিল। সেই সময়ত, এগৰাকী মহিলাই খননৰ সময়ত এটা সোণৰ মুদ্ৰা পোৱাৰ পিছত অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হয়। অৱশ্যে, এই প্ৰাচীন সোণৰ মুদ্ৰা পোৱাৰ আঁৰৰ কাহিনী অনুসন্ধানৰ পিছতহে স্পষ্ট হ'ব।

Post a Comment

Previous Post Next Post