পূৰ্বতকৈ অধিক মাৰাত্মক ৰূপত ১১ বছৰৰ পিছত আই পি এললৈ উভতিল এইগৰাকী ক্ৰিকেটাৰ

 

আই পি এলৰ চলিত সংস্কৰণৰ চতুৰ্থখন খেলত সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ দৃষ্টি নিবদ্ধ হৈ আছিল গুজৰাট টাইটানছ আৰু লক্ষ্ণৌ ছুপাৰ জায়ান্টছ দলৰ ওপৰত।

ইয়াৰ কাৰণ আছিল যে দুয়োটা দলে আই পি এল ইতিহাসত প্ৰথমবাৰৰ বাবে খেলপথাৰত অৱতীৰ্ণ হৈছিল।

কিন্তু এই খেলখনত আটাইতকৈ চৰ্চিত খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ উইকেটকিপাৰ বেটছমেন মেথিউ ৱেড।

এয়া সঁচা যে এক দশকৰ পিছত, এজন খেলুৱৈ আই পি এললৈ উভতি আহিছে। ৱেডে এই বছৰ গুজৰাট টাইটানছৰ হৈ খেলিছে।

১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে আই পি এল খেলিবলৈ অহা ৱেডে সোমবাৰৰ মেচখনত ৪টা চাৰিৰ সহায়ত ৩০ ৰান সংগ্ৰহ কৰে।

ৱেডে শেষবাৰৰ বাবে ২০১১ চনৰ আই পি এলত খেলিছিল। সেই ছিজনটো তেওঁৰ বাবে বৰ বিশেষ নাছিল, তেওঁ মাত্ৰ ৩ খন মেচ খেলিব পাৰিছিল। উক্ত ছিজনত তেওঁ মাত্ৰ ২২ ৰান সংগ্ৰহ কৰিছিল।

উল্লখ্য যে তেওঁ শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ হৈ তেওঁ টি-২০ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

মেথিউ ৱেডক গুজৰাটে ২.৪ কোটি টকাত ক্ৰয় কৰিছিল।

এইবাৰ মেগা নিলামত মেথিউ ৱেডৰ যথেষ্ট চাহিদা আছিল, গুজৰাট টাইটানছে মেথিউ ৱেডক ২ কোটি ৪০ লাখ টকাত ক্ৰয় কৰিছিল। আই পি এলত সুযোগ পোৱাৰ পিছত মেথিউ ৱেডে হঠাতে ইংলেণ্ডৰ কাউণ্টি ক্ৰিকেটক বিদায় জনায়।

উল্লেখ্য যে সোমাৰৰ মেচখনত গুজৰাটে লক্ষ্ণৌক পৰাস্ত কৰি প্ৰথম জয়ৰ সোৱাদ লয় গুজৰাট টাইটানছে।

Post a Comment

Previous Post Next Post