ইংৰাজীৰ অধ্যাপক হ’লগৈ অটোচালক

 

গুৱাহাটী, ৩১ মাৰ্চঃ কাৰোবাক পোছাক চাই তেওঁৰ বৃত্তিৰ ওপৰত বিচাৰ কৰাটো অতি সহজ। ঠিক তেনেদৰে, বাংগালোৰৰ এগৰাকী গৱেষক শিক্ষাৰ্থী নিকিতা আয়াৰৰ অলপতে এনেকুৱাই এক অভিজ্ঞতা হয়, যেতিয়া তেওঁ এজন অটোচালকৰ মুখামুখি হয়।

নিকিতাই অটো চালকজনৰ সলসলীয়াকৈ ইংৰাজী ভাষাত কথা কোৱা দক্ষতাত আচৰিত হৈ পৰে। এই বিষয়ে নিকিতাই সামাজিক মাধ্যমৰ মঞ্চ লিংকডইনত এটা স্পৰ্শকাতৰ পোষ্ট লিখে, যিয়ে বহুতক অনুপ্ৰাণিত কৰিছে। এতিয়া এই পোষ্টটো অনলাইনত ভাইৰেল হৈ পৰিছে।

লিংকডইনৰ এটা পোষ্টটোত নিকিতাই লিখিছে যে, "মই ৰাজপথত ৰৈ কেব বুক কৰিব চেষ্টা কৰি আছিলোঁ, কিন্তু বুক কৰিব পৰা নাছিলোঁ। তেনেতে এজন অটো চালক মোক সহায় কৰিবলৈ মোৰ ওচৰলৈ আহি শুধিলে, কৰাবলৈ যাব নেকি? যেতিয়া তেওঁক ক'লো চহৰৰ আনটো মূৰত থকা অফিচ এটালৈ যাবলৈ মোৰ পলম হৈ আছে, তেতিয়া অটোৰিক্সা চালকজনে শুদ্ধ ইংৰাজীত উত্তৰ দিয়ে, "মেডাম অনুগ্ৰহ কৰি আহক, আপুনি যি বিচাৰে সেয়া পৰিশোধ কৰিব পাৰে।" মই প্ৰথমতে আচৰিত হৈ পৰো আৰু কৌতূহলজনকভাৱে তেওঁক প্ৰশ্ন কৰোঁ যে, আপুনি কেনেকৈ ইমান সলসলয়ীকৈ ইংৰাজী ক'ব পাৰিছে। তাৰ পিছত আমাৰ দুয়োৰে মাজত বাৰ্তালাপ আৰম্ভ হৈ আৰু এনেদৰে ৪৫ মিনিট সময় অতিবাহিত হৈ যায়।


তেওঁ মোক কৈছে যে, "মোৰ বয়স বৰ্তমান ৭৪ বছৰ, মোৰ নাম পাটাবি ৰমন। মই পূর্বতে মুম্বাইৰ এখন মহাবিদ্যালয়ত ইংৰাজী বিষয়কৰ প্ৰবক্তা আছিলোঁ আৰু মোৰ এমএ আৰু এম.এড. ডিগ্রী আছে।" তেতিয়া তেওঁ আকৌ নিজেই মোৰ মনৰ ভাৱ বুজি কয়, "এতিয়া আপুনি মোক নিশ্চয় সুধিব যে মই কিয় অটো চলাই আছো? ইয়াৰ উত্তৰত ক'বলৈ গ'লে, মই বিগত ১৪ বছৰ ধৰি এখন অটো-ৰিক্সা চলাই আছোঁ। মই মুম্বাইৰ এখন মহাবিদ্যালয়ত ইংৰাজী শিকাইছিলো, কিয়নো মই মোৰ জন্মগত জাতিৰ বাবে কৰ্ণাটকত চাকৰি পোৱা নাছিলোঁ।"

"মই ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰিছোঁ, যিহেতু মই এখন ব্যক্তিগত মহাবিদ্যালয়ত কাম কৰিছিলোঁ, সেয়েহে মই কোনো পেঞ্চনৰ অধিকাৰী হ'ব নোৱাৰিলোঁ। তেতিয়াৰ পৰাই মই কৰ্ণাটকলৈ উভতি গৈ এখন অটো চলোৱাৰ সিদ্ধান্ত লওঁ। এনেদৰে অটো চলাই মই বৰ্তমান ৭২ বছৰত উপনীত হৈছোঁ আৰু মই মোৰ পত্নীৰ সৈতে কাদুগোদীত বাস কৰোঁ।"


প্ৰৱক্তা তথা অটো চালকজনে আৰু কয় যে, "শিক্ষকসকলে ভাল পৰিমাণত দৰমহা লাভ নকৰে। মই সৰ্বাধিক ১০ ৰ পৰা ১৫,০০০ টকা উপাৰ্জন কৰো আৰু যিহেতু মই এখন ব্যক্তিগত প্ৰতিষ্ঠানত শিক্ষাদান কৰিছোঁ সেয়েহে মোৰ কোনো পেঞ্চন নাই। অটোৰিক্সা খন চলাই মই দৈনিক কমেও ৭০০-১,৫০০ টকা উপাৰ্জন কৰোঁ, এয়া মোৰ আৰু মোৰ পত্নীৰ বাবে যথেষ্ট।"

পাটাবীয়ে শেষত মোক কয়, "মই মোৰ পত্নীক প্ৰেমিকা বুলি কওঁ কাৰণ মই সদায় তেওঁৰ সৈতে আগৰ দৰেই থাকোঁ। মই তেওঁক পত্নী বুলি নকওঁ, কাৰণ পত্নী শব্দটোৱে এজন স্বামীৰ দাসী হোৱা বুজায়।মোৰ পত্নীৰ বয়সও ৭২ বছৰ আৰু মই দিনে ৯-১০ ঘণ্টা কাম কৰি ঘৰৰ যত্ন লৈ আহিছোঁ। আমি কাদুগোডিৰ এটা সৰু ফ্লেটত বাস কৰোঁ, য'ত মোৰ পুত্ৰই ১২,০০০ টকা মাহিলী ভাড়া পৰিশোধ কৰে, কিন্তু মই আমাৰ সন্তানৰ ওপৰত নিৰ্ভৰশীল নহওঁ।

এনেদৰে, নিকিতাই তেওঁৰ পোষ্টৰ শেষত লিখে যে, "সেই মানুহজনৰ জীৱন সম্পৰ্কে এটাও অভিযোগ নাই। অকণমানো অনুশোচনা নহয়। এই লুকাই থকা নায়কসকলৰ পৰা বহুত শিকিবলৈ আছে। মোৰ আজি পুৱাটো খুব ভালদৰে পাৰ হ'ল।"

Post a Comment

Previous Post Next Post