গুৱাহাটী, ১০ এপ্ৰিলঃ হিন্দুস্তান এৰ'ন’টিকছ লিমিটেডে নিৰ্মাণ কৰা ডৰ্ণিয়েৰ -228 বিমানেৰে প্রথমবাৰৰ বাবে উত্তৰ পূর্বাঞ্চলত বাণিজ্যিক সেৱা আগবঢ়াব। কেন্দ্রীয় অসামৰিক বিমান পৰিবহন মন্ত্রী জে এম ছিন্ধিয়াই পৰহিলৈ আনুষ্ঠানিকভাবে বিমানখনৰ যাত্ৰা আৰম্ভ কৰিব।
বিমানখনে অহা ১৮এপ্রিলৰ পৰা নিয়মীয়া সেৱা আগবঢ়াব।
অতি শীঘ্ৰে ডিব্ৰুগড়-পাছিঘাট-লীলাবাৰী-ডিব্ৰুগড় পথেৰে যাত্রী অনা নিয়া কৰিব।
পিছলৈ বিমানখনে ডিব্ৰুগড় বিমান বন্দৰৰ লগত অৰুণাচল প্রদেশৰ তেজু, মেছুকা, জিৰ' আৰু টুটিং সংযোগ স্থাপন কৰিব বুলি আশা কৰা হৈছে।বিমানখন ভাৰত চৰকাৰৰ উড়ান-উত্তৰ পূৰ্বাঞ্চল আঁচনিৰ অধীনত এলায়েন্স এয়াৰে পৰিচালনা কৰিব।