গুৱাহাটী, ২৮ এপ্রিলঃ পৃথিৱীৰ আটাইতকৈ বেছি প্ৰেমিক যুটি ক'ত বাস কৰে? যদি এই প্ৰশ্নটো কাৰোবাক সোধা হয়, তেন্তে হয়তো কম সংখ্যক লোকেহে ইয়াৰ উত্তৰটো জানিব। কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা এক জৰীপত দেখা গৈছে যে বিশ্বৰ আটাইতকৈ বেছি প্ৰেমিকৰ যুটি স্কটলেণ্ডত বাস কৰে।
বিশেষ প্ৰতিবেদন অনুসৰি, স্কটলেণ্ডৰ লোকসকল প্ৰেম কৰাৰ ক্ষেত্রত শীৰ্ষস্থানত আছে। এই সন্দৰ্ভত মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত জৰীপটো চলোৱা হৈছে। য'ত দেখা গৈছে যে, স্কটিছসকলে প্ৰেম কৰাত ইটালী, ফ্ৰান্স, ইংৰাজ, স্পেইন আদি দেশক পিছ পেলাইছে।
ইপিনে, জৰীপ অনুসৰি স্কটিছসকল শ্ৰেষ্ঠ প্ৰেমিক যুটি হিচাপে তালিকাৰ এক নম্বৰত আছে। একে সময়তে, ইটালীৰ লোকসকল তালিকাৰ দ্বিতীয় নম্বৰত আছে। ইয়াৰ পিছত ফ্ৰান্স, ইংলেণ্ড, স্পেইন আৰু আমেৰিকাৰ মানুহবোৰ আছে। একে সময়তে, পৰ্তুগাল, আয়াৰলেণ্ড, চুইডেন আৰু ৱেলছকো শীৰ্ষ ১০ ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
জৰীপৰ পিছত, এডিনবাৰ্গৰ ৪১ বছৰীয়া ডেৰেক ছিম্পছনে কৈছে যে, "জৰীপ কোম্পানী 'লভিট কভাৰিট'ৰ ফলাফল দেখি মই আচৰিত হোৱা নাই। স্কটিছসকলে মানুহক কেনেদৰে আকৰ্ষণ কৰিব লাগে সেয়া ভালকৈ জানে। লগতে, সঙ্গীৰ ওপৰত কেনেদৰে ভাল প্ৰভাৱ পেলাব লাগে সেয়াও তেওঁলোক বাৰুকৈয়ে জ্ঞাত।
একে সময়তে, লাভিট কভাৰিটৰ এজন মুখপাত্ৰই কৈছে যে, "যুটিবোৰক বন্ধৰ দিনবোৰত কটোৱা সময় অনুসৰি ১ ৰ পৰা ১০ পইণ্টলৈ মূল্যাঙ্কন কৰা হৈছে। ইয়াৰ লগতে, সংস্কৃতি আৰু খাদ্যৰ বিষয়েও প্ৰশ্ন সোধা হয়। ছুটিৰ সময়ত উপভোগ কৰিবলগা বহুতো কাম আছে, সেয়া সংস্কৃতি হওঁক, খাদ্য হওঁক বা নতুন অভিজ্ঞতা হওঁক।"
আনহাতে, উক্ত জৰীপটোত, স্কটলেণ্ডে ৪৩ শতাংশ ভোট লাভ কৰিছে। একে সময়তে, ইটালীয়ে ৪১ শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে। ইয়াৰ বাহিৰেও, ফ্ৰান্স ৩৮ শতাংশ, চতুৰ্থ স্থানত ইংলেণ্ড ৩৭ শতাংশ, পঞ্চম স্থানত স্পেইন ৩৫ শতাংশ, ষষ্ঠ স্থানত আমেৰিকা ৩৪ শতাংশ, সপ্তম স্থানত পৰ্তুগাল ৩২ শতাংশ, অষ্টম স্থানত আয়াৰলেণ্ড ৩১ শতাংশ, চুইডেন ৩১ শতাংশৰে নৱম স্থানত আৰু ৱেলছ ৩০ শতাংশৰে দশম স্থানত আছে।