গুৱাহাটী, ২৭ এপ্ৰিলঃ উচ্চতম ন্যায়ালয়ে আজি প্ৰকাশ কৰিছে যে দেশদ্ৰোহিতাৰ অপৰাধত দোষী সাব্যস্ত কৰা ভাৰতীয় দণ্ডবিধি আইনৰ অন্তৰ্গত শাখা [১২৪(ক)]ক প্ৰত্যাহবান জনোৱা যুক্তি সমূহৰ চূড়ান্ত শুনানি অহা ৫ মে’ত হ’ব।
উচ্চতম আদালতখনে আজি কেন্দ্ৰীয় চৰকাৰক দেশদ্ৰোহিতাৰ আইনখনক উঠাই লোৱাৰ আবেদন সমূহৰ প্ৰতিক্ৰিয়াসমূহ দাখিলৰ অনুমতি দিয়ে কাৰণ বিষয়টো শুনানিৰ বাবে অহা ৫ মে’ত গ্ৰহণ কৰা হ’ব।
কেন্দ্ৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ এন ভি ৰামান্নাই নেতৃত্ব দিয়া বিচাৰপীঠৰ ওচৰত কেন্দ্ৰৰ প্ৰত্যুত্তৰ প্ৰকাশৰ বাবে দুদিনৰ সময় বিচাৰিছে।
উচ্চতম ন্যায়ালয়ে ৫ মে’ৰ পিচত বিষয়টো সম্পৰ্কে আৰু কোনো শুনানি নলয় বুলি জনায়।
সবাটোকৈ ডাঙৰ শাস্তি হিচাপে যাৱজ্জীৱন কাৰাদণ্ড বিহা শাখা ১২৪ক ৰ সাংবিধানিক ন্যায্যতা বিচাৰি প্ৰাক্তন মেজৰ জেনেৰেল এছ জি বম্বেটকেৰে, এডিটৰছ গীল্ড অফ ইণ্ডিয়া আৰু বহু অন্যান্য লোকে কৰা আবেদনৰ ভিত্তিত এই শুনানি লৈছিল। বম্বেটকেৰে যুক্তি দৰ্শাইছিল যে, এই আইনখনে চৰকাৰৰ প্ৰতি অনীহাৰ অসাংবিধানিক অস্পষ্ট সংজ্ঞাৰে কাৰোবাক অপৰাধী সজায় যি অনুচ্ছেদ ১৯(১)(ক)ই প্ৰদান কৰা ভাৱ প্ৰকাশৰ স্বাধীনতাৰ মৌলিক অধিকাৰৰ ওপৰত অযুক্তিকৰ এক বাধা, আৰু সি ভাৱ প্ৰকাশৰ ওপৰত সংবিধান অনুমতি ৰহিত এক দৃঢ় বাধা প্ৰতিবন্ধকতাৰ প্ৰভাৱ আনে।
যোৱ বছৰ জুলাই মাহত উচ্চতম আদালতখনে ইংৰাজৰ পৰা স্বাধীনতা পোৱাৰ ৭৫ বছৰৰ পিচতো উক্ত আইনখনৰ প্ৰয়োজনীয়তা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে আৰু সাধাৰণ নাগৰিকৰ ওপৰত আৰক্ষী প্ৰশাসনে সেই আইনৰ সুযোগৰ অপব্যৱহাৰ কৰাকলৈ আঙুলিটোঁৱায়।
সেই সময়ত উক্ত বিচাৰপীঠে কয় যে, “মহাত্মা গান্ধী, বাল গংগাধৰ তিলক আদিক নিৰৱ কৰিবৰ বাবে বৃট্টিছ প্ৰশাসনে ব্যৱহাৰ কৰা ই এক ঔপনিবেশিক আইন। স্বাধীনতাৰ ৭৫ বছৰৰ পিচত ইয়াৰ প্ৰয়োজন আছে জানো?...”
ইতিমধ্যে বাতিল হোৱা তথ্য প্ৰযুক্তি আইনখনৰ শাখা ৬৬ দোহাই দি নিজৰ মত প্ৰকাশ কৰা হাজাৰজনক গ্ৰেপ্তাৰ কৰাৰ উদাহৰণ দি উচ্চতম ন্যায়ালয়ে কয় যে আই পি চি ১২৪ক চৰকাৰৰ বিৰুদ্ধে মাত মতাজনক গতি লগাবলৈ আৰক্ষীয়েও অপব্যৱহাৰ কৰিব নোৱাৰে।
“এইটো আপুনি কাঠ মিস্ত্ৰীক কৰতখন দিলে আৰু তেওঁ গোটেই হাবিখন কাটি তহিলং কৰাৰ দৰে কথা হ’ব। আৰু এই আইনখনৰ প্ৰভাৱ তেনেকুৱা।”
এই ক্ষেত্ৰত ন্যায়ালয়ক সহযোগিতা আগবঢ়াবলৈ জাননি পোৱা এটৰ্ণি জেনেৰেল কে কে বেণুগোপালে উত্তৰ দিয়ে যে, তেওঁ দেশৰ উচ্চতম আদালতখনৰ উদ্বিগ্নতা সম্পূৰ্ণভাৱে বুজিছে আৰু আশা কৰিছে যে গোটেই আইনখন বাতিল কৰাৰ পৰিৱৰ্তে কেৱল ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু গণতান্ত্ৰিক ব্যৱস্থাক অটুট ৰাখিব পৰাকৈ উচ্চতম আদালতখনে নতুন নিৰ্দেশনাৰে দেশদ্ৰোহিতাৰ আইনখনৰ দেশদ্ৰোহিতাৰ গোচৰ আনিব পৰা বিধানৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব |