ধলপুৰ আৰক্ষীৰ এনকাউণ্টাৰ: দুজন চোৰাং গৰু বেপাৰী গুলীবিদ্ধ

 

লখিমপুৰ ,৭ এপ্ৰিলঃ- ৰাজ্য চৰকাৰে গৰু সৰ্বৰাহ তথা বিক্ৰী ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে যদিও একাংশ বেপাৰীয়ে আন্তৰাষ্ট্ৰীয় বজাৰত অধিক লাভালাভ পোৱাৰ স্বাৰ্থত অবৈধ ভাবে গৰু ব্যৱসায় অব্যাহত ৰাখিছে । কালি তেনে অবৈধ ব্যৱসায়ীৰ বিৰূদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এনকাউণ্টাৰ পৰ্যন্ত কৰিব লগীয়া হয় ।এই কাণ্ড সংঘটিত হৈছে লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত ধলপুৰত ৷

ধলপুৰ আৰক্ষীৰ এনকাউণ্টাৰত যোৱা নিশা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুজনকৈ চোৰাং গৰু বেপাৰী আক্ৰান্ত হয় ৷ আৰক্ষীৰ গুলীত আহত চোৰাং বেপাৰী দুজন ক্ৰমে দৰং জিলাৰ দলগাঁও বেচিমাৰীৰ বদৰ আলী(২৬) আৰু একেখন জিলাৰ ৰৌতা পানী খাইতীৰ আবাদুল ইছলাম(২৩) ৷ যোৱা নিশা ১০.৪৫ বজাত ধলপুৰ আৰক্ষীচকীৰ  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এনকাউণ্টাৰৰ ঘটনাটো সংঘটিত হয় ৷

এখন নম্বাৰপ্লেট বিহীন ১৪ চকীয়া ট্ৰাকত ২৭ টা গৰু কঢ়িয়াই অনা চোৰাং বেপাৰী ৫ জনৰ দুজনৰ ভৰিত গুলী লগাৰ বিপৰীতে ৩ জন বেপাৰী আন্ধাৰৰ সুযোগ লৈ পলাই সাৰিবলৈ সক্ষম হয় ৷ এজনৰ সোঁ ভৰিত আৰু আনজনৰ বাওঁ ভৰিত গুলী লগা চোৰাং বেপাৰী দুজন বৰ্তমান লখিমপুৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাত আছে ৷

ধলপুৰ আৰক্ষীচকীৰ আৰক্ষী বিষয়া ৰাজকুমাৰ পেগুৰ পৰা পোৱা ঘটনাৰ বিবৰণ অনুসৰি নিশা প্ৰায় ১০.১৫ বজাত বিহপুৰীয়া আৰক্ষী থানাৰ পৰা ফোন যোগে খবৰ লাভ কৰে যে এখন নম্বৰ প্লেট বিহীন ১৪ চকাযুক্ত ট্ৰাকত বিহপুৰীয়াৰ দিশৰ পৰা গৰু লৈ যোৱা হৈছে ৷ খবৰ লাভ কৰি ধলপুৰ আৰক্ষীচকীৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বেৰিকেডত চেকিঙৰ ব্যৱস্থা কটকটকীয়া কৰে ৷

বিহপুৰীয়াৰ পৰা ধলপুৰ আৰক্ষীচকীৰ দিশে অহাৰ বাটত ট্ৰাকখনে নাৰায়ণপুৰ আৰক্ষীথানাৰ সন্মুখত থকা বেৰিকেড মহতিয়াই আনে ৷ ধলপুৰ আৰক্ষীয়ে ট্ৰাকখন ৰখোৱাৰ লগে লগে ট্ৰাকখনৰ চালক সহ বেপাৰী কেইজন পলাবলৈ চেষ্টা কৰে ৷ আৰক্ষীয়ে বেপাৰীকেইজক জপটিয়াই কৰায়ত্ত কৰাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ কবলৰ পৰা জোৰ জবৰদস্তি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে উপায়ন্তৰ হৈ মুঠ ৬ ৰাউণ্ড গুলী ফুটায় ৷ আৰক্ষীৰ গুলীত চোৰং গৰু বেপাৰী বদৰ আলী আৰু আবাদুল ইচলাম গুলীবিদ্ধ হয় ৷

তেওঁলোকৰ এজনৰ ভৰিৰ বাওঁ ভৰিৰ সৰুগাঁঠিত গুলী লগাৰ বিপৰীতে আনজনৰ সোঁ ভৰিৰ গাঁঠিত এটাকৈ গুলী লাগে ৷ আৰক্ষীৰ ভাষ্য অনুসৰি ট্ৰাকখনত লখিমপুৰ জিলাৰ বঙালমৰাৰ পৰা ২৭ টা গৰু দলগাঁৱলৈ নিছিল ৷ ট্ৰাকখনৰ নম্বৰ প্লেট নাই ৷ ট্ৰাকখনত থকা ২৭ টা গৰুৰ ৩ টা গৰুৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এটা গৰু মুমূৰ্ষুু অৱস্থাত আছে ৷ গৰু সমূহ ইতিমধ্যে পশু চিকিৎসা বিভাগে নিৰীক্ষণ আৰু চিকিৎসাৰ ব্যৱস্থা কৰিছে ৷ ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 
 

Post a Comment

Previous Post Next Post