শনিবাৰে তিনিচুকীয়াৰ অনিৰুদ্ধ নগৰ অৱস্থিত মাকুম কিক বক্সিঙ কাৰ্যলয়ত বক্সিইং ৰ সৌজন্যত ৰাষ্ট্ৰীয় পয্যায়ত অসমৰ হৈ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ।
উল্লেখযোগ্য যে যোৱা ২৭ মাৰ্চ ২০২২ত অনুষ্ঠিত হোৱা ৱাক ইণ্ডিয়া কিক বক্সিঙ প্ৰতিযোগিতাত তিনিচুকীয়াৰ যুৱ খেলুৱৈ কমলা শৰ্মাই ৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰি ভাৰত তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনে । ইয়াৰ লগতে মাকুম কিক বক্সিঙ এছচিয়েছন ৬গৰাকী খেলুৱৈকো চেন্নাইত কিক বক্সিঙৰ প্ৰশিক্ষনত অংশগ্ৰহণ কৰিবৰ যাবৰ বাবে ও সম্বৰ্ধনা জনোৱা হয় ।উক্ত সম্বৰ্ধনা অনুষ্ঠানত আটাইকেইগৰাকী খেলুৱৈৰ শাৰীৰিক আৰু মানসিক মনোবল বৃদ্ধি কৰি ভৱিষ্যত জীৱনৰ বাটত সফল হবৰ বাবে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে , উপদেষ্টা সুৰেশ পাৰিক ,ৰমেশ বুধিয়া তিনিচুকীয়া কীকৱসিং সভাপতি ৰাঘব প্ৰসাদ ৰাই খেলুৱৈ সকলক উদ্দেশ্যি নিজৰ ভাষণ আগবঢ়াই।
তিনিচুকীয়াৰ পৰা চৈয়দ আছিফৰ সহযোগত অজয় শৰ্মা ৰিপৰ্ট