বিষাক্ত সাপে দংশনৰ পাছতো উপযুক্ত সময়ত উপযুক্ত চিকিৎসাৰে ৯৯ শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিব পাৰে। এই সত্যকে পুনৰ প্ৰতিষ্ঠা কৰিলে শিৱসাগৰৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ(Demow model hospital) সংজ্ঞাহাৰক বিশেষজ্ঞ (Anaesthesiologist) তথা গৱেষক ডা. সুৰজিত গিৰি আৰু তেওঁৰ সহযোগীসকলে।
১১ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত শিৱসাগৰৰ ৰাজমাইৰ শ্ৰীমতী পূৰ্ণিমা তাঁতী (৪২ বছৰ) বিষাক্ত চকৰি ফেঁটী সাপে দংশন কৰে। ফেঁটী সাপে দংশন কৰি ৰোগীৰ শৰীৰত বিষ এৰি দিলে আধুনিক চিকিৎসা অবিহনে আৰোগ্য অসম্ভপ্ৰায়। কিন্তু পূৰ্ণিমা তাঁতীক একেলগে তিনিবাৰ দংশন কৰাৰ পাছত চিকিৎসাৰ বাবে শিৱসাগৰৰ ডিমৌ আদৰ্শ চিকিৎসালয় পায়হি। ডা. গিৰিয়ে জনোৱা মতে, দুপৰীয়া ১২ বজাত ৰোগী গৰাকী ডিমৌ হস্পিতালত উপস্থিত হয় আৰু ৰোগীৰ দেহত দুপৰীয়া ১.০৫ বজাত লক্ষণ দেখা দিয়ে। আৰু আমাৰ টিমে যথাসম্ভৱ ক্ষীপ্ৰতাৰে ১ বজাৰ পৰা বিয়লি ৫ বজালৈ নিৰন্তৰ যুদ্ধ কৰি ৰোগীগৰাকীক মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতাই আনিবলৈ সক্ষম হয়। ডা. গিৰিয়ে লগতে কয় যে ৰোগী গৰাকীক কোনো অক্সিজেনৰ প্ৰয়োজন হোৱা নাছিল। আনকি কোনো ICU ৰ প্ৰয়োজন হোৱা নাছিল। আৰু এয়া সম্ভৱ হৈছিল আমাৰ সকলো স্বাস্থ্য কৰ্মীৰ তৎপৰতাৰ বাবে।
সাধাৰণতে আজিলৈকে আমি চকৰি ফেঁটী সাপৰ এবাৰ দংশনৰ ৰোগী সফলতাৰে চিকিৎসা প্ৰদান কৰিছোঁ। সচৰাচৰ মাত্ৰ ১০ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হৈছিল।কিন্তু এই ৰোগী গৰাকীক তিনিবাৰকৈ দংশন কৰি সাপডালে সৰ্বোচ্চ বিহ ঢালিছিল। লক্ষণ দেখা দিয়াৰ পাছত ৰোগীগৰাকীক প্ৰায় ৪৫ মিনিটৰ ভিতৰত ৩০ টা এন্টিভেনম বেজীৰ প্ৰয়োজন হৈছিল। সাধাৰণতে প্ৰথম ১০ টা এন্টিভেনম বেজী প্ৰয়োগৰ এক ঘণ্টাৰ বিৰতিতহে আন ১০ টা এন্টিভেনম বেজী দিয়াৰ বিধান দিয়া আছে। কিন্তু পৰিস্থিতিয়ে আমাক এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে। আমিও অলপ ভয় খাই আছিলো।কিন্তু লাহে লাহে আমি জয়ী হৈছিলো।- ডা. গিৰিয়ে কয়।
চকৰি ফেঁটী সাপৰ তিনিবাৰকৈ দংশন কৰাৰ পাছত সাপডালে সৰ্বোচ্চ বিহ ঢলাৰ পাছতো ৰোগী আজি সুস্থ। এনে ঘটনা অসম তথা ভাৰতত বিৰল।
ৰোগীগৰাকী আৰু পৰিয়ালে বেজ বা আন পৰম্পৰাগত পদ্ধতিৰ কাষলৈ নগৈ তৎক্ষণাত চিকিৎসালয়লৈ আহিছিল আৰু আমাৰ টিমে অলপো সময় অপচয় নকৰি আমাৰ নিৰ্দিষ্ট চিকিৎসা প্ৰট'কল অনুসৰণ কৰা কাৰণে তেওঁৰ মৃত্যুক আমি বাধা দিব পাৰিলো। জীৱন দানৰ অনাবিল সন্তুষ্টিৰ পাছত ডা. গিৰিৰ মন্তব্য।
উল্লেখ্য যে শিৱসাগৰৰ ডিমৌ আদৰ্শ চিকিৎসালয়ে সৰ্পদংশনৰ চিকিৎসাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। সংজ্ঞাহাৰক বিশেষজ্ঞ ডা. সুৰজিত গিৰিৰ নেতৃত্বত হস্পিতালখনৰ এক সদা সক্ৰিয় টিমে সৰ্পদংশনত আক্ৰান্ত ৰোগীক জীয়াই তোলাৰ বাবে চেষ্টাৰ ত্ৰুটি কৰা নাই। তেওঁলোকে সৰ্পদংশনত আক্ৰান্ত ৰোগীৰ চিকিৎসা প্ৰদানতে দায়িত্ব সামৰা নাই। হস্পিতালৰ চিকিৎসক, স্বাস্থ্যকৰ্মীৰ দক্ষতা বৃদ্ধিকে ধৰি সৰ্পদংশনৰ চিকিৎসাৰ বাবে আছুতীয়া কক্ষ স্থাপন, জনসজাগতা সৃষ্টি আদি ভালেখিনি পদক্ষেপ হাতত লৈছে।
নিজকে সৰ্প দংশনৰ এক সামাজিক কৰ্মকৰ্তা বুলি গণ্য কৰা ডা. গিৰিয়ে অসমত সৰ্প দংশনত আক্ৰান্ত সহস্ৰাধিক ৰোগীক চিকিৎসা প্ৰদান কৰাৰ উপৰি জনসাধাৰণ, চিকিৎসক, চিকিৎসা-কৰ্মীক সজাগ কৰাৰ ক্ষেত্ৰতো অহোপুৰুষাৰ্থ কৰি আহিছে।
(ফটো ৰোগীৰ অনুমতি সাপেক্ষে প্ৰচাৰ কৰা হৈছে)