২ ফোটা নহৰুৰ লগত ১/২ কাপ কুহুমীয়া পানী আৰু ১/২ চামুচ হালধি গুড়ি সদায় দুবাৰকৈ খালে উচ্চ ৰক্তচাপ হৃদৰোগ, এহোৰ স্কেলচিচ আৰু কলেষ্টৰলৰ পৰা উপশম পাব পাৰি।
নহৰু এবিধ মছলাজাতীয় উদ্ভিদ। ইয়াৰ ইংৰাজী নাম Garlic root। অসমত ইয়াক নহৰু নামেৰে জনা যায় যদিও ভাৰতৰ বিভিন্ন ৰাজ্যত ইয়াক ভিন ভিন নামেৰে জনা যায়।
ইয়াক ঔষধত ব্যৱহাৰ কৰা হয়। নহৰু উষ্ণ বীৰ্য, পুষ্টিকাৰক, হজমবৰ্ধক। খাদ্য সুস্বাদু আৰু সুগন্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুতো ঔষধি গুণো আছে।
নহৰুৰ কিছুমান ঔষধি গুণ এনেধৰণৰ- পেটৰ বিষ হ’লে নহৰু পুৰি খালে উপকাৰ পোৱা যায়। প্ৰস্ৰাৱ সমন্ধীয় ৰোগত নহৰু খালে ভল ফল পোৱা যায়।
খালী পেটত বা খোৱাৰ আগেয়ে ১-২ ফোটা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰিত হয়। গৰুৰ ঘিউৰ লগত দুফোটামান নহৰু খালে বিষ কমে।
বমি হ’লে নহৰু খালে উপকাৰ পোৱা যায়। ঘাঁ-ফোহাত নহৰু পিহি লেপ লগালে বিষ কমে। নহৰুৱে হজম বঢ়ায়।
সেয়ে অৰুচি হ’লে নহৰু খালে অৰুচি ভাব দূৰ হয়। পেট ফুলিলে ১-২ ফোটা নহৰু কেঁচাই চোবাই খালে পেট ফুলা কমে।