ডিজিটেল ডেস্কঃ উজনি-নামনি সৰ্বত্ৰে এতিয়া ঢোল-পেঁপাৰ গুমগমণি। এই মুহূৰ্তত চেনেহৰ ব’হাগত ৰঙালী অসমীয়াৰ মন। ব’হাগ বুলিলেই অসমীয়াৰ চিন্তা-চেতনাত সৃষ্টি হয় আলোড়নৰ। অসমীয়াৰ জন-জীৱনত বিহুৰ গুৰুত্ব অপৰিসীম।
এই বিহুৰ আনন্দ-উল্লাসৰ মাজতে ঢকুৱাখনাত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত এক ধৰ্ষণ কাণ্ড। আমালৈ অহা খবৰ অনুসৰি, বিহুতলীৰপৰা মুখত সোপা দি ঢকুৱাখনাত ধৰ্ষণ কৰিলে নৱম শ্ৰেণীৰ ছাত্ৰীক। ১৫ এপ্ৰিলৰ ‘মানুহ বিহু’ৰ দিনাই সংঘটিত হৈছিল এই নিলজ্জ কাণ্ডটো। গাঁওখনৰ উপেন দাস(২৫) নামৰ লম্পত যুৱকজনে একে গাঁৱৰে নৱম শ্ৰেণীত পঢ়ি থকা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী এগৰাকীক নিশা ৮ বজাত হুঁচৰি মৰা স্থানৰ পৰা ঘৰত থৈ অহাৰ পালোভনেৰে ধৰ্ষণ কৰাৰ কথা আজি পোহৰলৈ আহিছে।
ভুক্তভোগী দৰিদ্ৰ পৰিয়ালটোৱে অভিযুক্ত গোপাল দাসৰ পুত্ৰ উপেন দাসৰ ওপৰত ঢকুৱাখনা থানাত এজাহাৰ দাখিল কৰিছে যদিও ঢকুৱাখনা আৰক্ষীয়ে এতিয়ালৈকে উপেন দাসক কৰায়ত্ত কৰিব পৰা নাই। ইফালে, অভিযুক্ত যুৱকজনৰ পৰিয়ালৰ একাংশ লোকে এই সমগ্ৰ ঘটনাক গাপ দি পৰিয়ালটোক মিলা-মিছা কৰিবলৈ কোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছত ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাকে ধৰি ঢকুৱাখনা জিলা মহিলা সমিতিয়ে দোষীক ১২ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।