কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সংখ্যা ২,৬১৩ লৈ বৃদ্ধি

 

 বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণত সদ্যসমাপ্ত গঁড় গণনা প্ৰক্ৰিয়াত এশিঙীয়া গঁড়ৰ সংখ্যা ২,৬১৩ টালৈ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ গণনাত মুঠ ২০০ টা গঁড় বৃদ্ধি পোৱা গৈছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে ২০১৮ চনত কৰা অন্তিম গড় গণনা প্ৰক্ৰিয়াত ২,৪১৩ টা গঁড় দেখা গৈছে। 

এই বছৰৰ গণনা প্ৰক্ৰিয়াত দেখা পোৱা ২,৬১৩ টা গঁড়ৰ ভিতৰত ১,৬৫৩ টা ৬ বছৰতকৈ বয়তকৈ ডাঙৰ। যাৰ ভিতৰত আছে ৭৫০ টা পুৰুষ আৰু ৯০৩ টা মাইকী গড়। ইপিনে ১১৬ টা পুৰুষ, ১৪৬ টা মাইকী ২৬২ টা উপ-প্ৰাপ্তবয়স্ক (৩-৬ বছৰ); ২৭৯ টা কিশোৰ (১-৩ বছৰ) আৰু ১৪৬ টা পোৱালী গড় (০-১ বছৰ) পোৱা গৈছে।

প্ৰথমবাৰৰ বাবে কাজিৰঙা উদ্যানৰ গঁড়ৰ গণনা প্ৰক্ৰিয়াৰ বাবে ড্ৰ'ন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, লগতে গণনাকাৰীসকলক উন্নত পৰ্যৱেক্ষণৰ বাবে জি পি এছ সঁজুলি আৰু বাইনোকুলাৰ প্ৰদান কৰা হৈছে। 

২৬-২৭ মাৰ্চৰ ভিতৰত বিভিন্ন এনজিঅ' কৰ্মীৰ সহায়ত অসমৰ বন বিভাগে বিস্তৃত উদ্যানখনত গঁড় গণনা প্ৰক্ৰিয়াত অভিযান চলায়। য'ত, একেলগে ৬৪ জন গণনাকাৰী, ১২ জন স্বতন্ত্ৰ পৰ্যবেক্ষক, ৪৯ জন সংবাদ মাধ্যমৰ পৰ্যবেক্ষকে গঁড়ৰ গণনা অভিযানত অংশগ্ৰহণ কৰিছে। 


আনহাতে, সমগ্ৰ ৰাষ্ট্ৰীয় উদ্যান এলেকা, ইয়াৰ সংযোজন আৰু সাধাৰণ জনবসতি থকা এলেকাত বিয়পি থকা সকলো ৮৪ টা কম্পাৰ্টমেণ্ট আৱৰিবলৈ অভিযানত মুঠ ৫০ টা হাতী মোতায়েন কৰা হয়। য'ত, বন
বিভাগে ২৫২ জন কৰ্মচাৰীক পোনপটীয়াকৈ অভিযানটোত নিযুক্ত কৰে।

চলিত মাহৰ আৰম্ভণিতে গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱা অসমৰ আন দুটা গুৰুত্বপূৰ্ণ গঁড় সুৰক্ষা ক্ষেত্ৰত এশিঙীয়া গঁড়ৰ সংখ্যা সামান্য বৃদ্ধি পাইছে। য'ত, ৭৮ বৰ্গ কিলোমিটাৰতকৈও অধিক ক্ষেত্রত গড় গণনা প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে। অসমৰ দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত ১২৫ টা গঁড়ৰ উপস্থিতি নথিভুক্ত কৰা হৈছে, যি যোৱা গণনা প্ৰক্ৰিয়া অনুসৰি ১০১ টা গঁড়ৰ সংখ্যাতকৈ অধিক পোৱা গৈছে।





একেদৰে, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত (৩৮ বৰ্গ কিলোমিটাৰতকৈ অধিক) ১০৭ টা গঁড় নথিভুক্ত কৰা হৈছে। য'ত বিগত বৰ্ষৰ গড় গণনা অভিযানত ১০২ টা গঁড় নথিভুক্ত কৰা হয়।


Post a Comment

Previous Post Next Post