অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এটা প্ৰতিনিধি দলে অসম চৰকাৰৰ অসম চুক্তি ৰূপায়ন মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মন্ত্ৰী যোগেন মহনক সাক্ষাৎ কৰে৷ গুৱাহাটী খানাপাৰাস্থিত অসম ৰাজ্যিক প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা মুখ্য উপদেষ্টা কমল ভৰালী, সভাপতি ৰাণা প্ৰতাপ বৰুৱা, উপ-সভাপতি ভবেশ কাকতি, সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে। যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু আধাৰ কাৰ্ড ৰাজনৈতিক সন্দৰ্ভত কেইবাটাও বিষয় উত্থাপন কৰে৷ ২০১৯ চনত NRCৰ চূড়ান্ত খচৰা প্ৰকাশ কৰিলে যদিও চূড়ান্ত এনআৰচি প্ৰকাশৰ দাবী জনাই চৰকাৰৰ ওচৰত। যিসকল সন্দেহজনক মানুহৰ নাম খচৰাত সোমাইছে সেইসকলৰ নাম কৰ্তন কৰাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ অসমত NRC উন্নীতকৰণৰ প্ৰক্ৰিয়াত কিছুমান বিসঙ্গতি থকাটো লক্ষ্য কৰা বুলি কয় জাতীয় সংগঠনটোৱে৷ খিলঞ্জীয়া অসমীয়া জনগনৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে চৰকাৰক দাবী জনাই৷ কিছু সংখ্যক খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ নাম অন্তৰ্ভুক্ত নোহোৱাৰ লগতে সেইসকলৰ নাম কোনো সমস্যা নোহোৱাকৈ অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই৷ ইপিনে NRCৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা ১৪ লক্ষ্য লোকে যদি আধাৰ কাৰ্ড পাব পাৰে তেন্তে NRCৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী কৰা ২৭ লক্ষ্য লোকৰ আধাৰকাৰ্ড বনোৱাত আহি পৰা বাধা আতৰাই দিয়া উচিত বুলিও কয়। আধাৰ কাৰ্ড কোনে পাব বা নাপাব সেইটো গুৰুত্বপূৰ্ণ নহয়। এখন বিদেশীৰ নাম মুক্ত NRC আমাক লাগে। অসম চৰকাৰে এই দিশত কাম কৰি খিলঞ্জীয়া অসমীয়া জনগনৰ সাংবিধানিক সুৰক্ষা নিশ্চিত কৰক বুলি কয় জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিনিধি দলটোৱে।