বৰ্তমান সময়ত মানুহে পুৰণি ভাৱধাৰা, চিন্তাধাৰা আদি সলাই নতুনত্বক আকোৱালি আগবাঢ়ি গৈছে। কিন্তু তাৰ মাজতে এনে কিছু লোক আছে যি সকলে আজিও পুৰণি পৰম্পৰা বৰ্তাই ৰাখিছে।
ইণ্ডোনেচিয়াৰ ৰাজধানী জকাৰ্তাত বিষাক্ত সাপৰ তেজ খাই একাংশই। বহু পূৰ্বৰে পৰাই দেশ খনত চলি আহিছে এই নিয়ম। ইয়াক আমাৰ দৰে দেশত আচৰিত যেন লাগিলেও সেই দেশ নাগৰিকৰ বাবে ই চাহ-কফিৰ দৰে একেবাৰে সাধাৰণ।
সেই ঠাইৰ অধিকাংশ ঠাইতে সাপৰ তেজ বিক্ৰী কৰা হয়। বিষাক্ত সাপ বোৰ আনি তাক কাটি তেজ ওলাই সেই তেজ বিক্ৰী কৰা হয়। লোকসকলে পুৱা গধুলি ঘুৰা ফুৰাৰ সময়ত এই তেজ সোৱাদ লৈ লৈ সেৱন কৰে।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি দেশখনত সাপৰ তেজ ইমানেই বিক্ৰী হয় যে প্ৰতিদিনেই ব্যৱসায়ী সকলে শ শ সাপ কাটি তেজ বিক্ৰী কৰে , আৰু সেই তেজ বিক্ৰীৰ বাবে ওৰে নিশা দোকান সমূহ খোলা থাকে।
প্ৰবাদ অনুসৰি সাপৰ তেজ সেৱনৰ ফলত পুৰুষৰ শৰীৰত শক্তি বৃদ্ধি পাই, বহু বয়সলৈ সুস্থ সবল হৈ থাকে পুৰুষ সকল, লগতে মহিলাৰ ছাল চুলি সবল কৰি ৰখাত সহায়ক এই তেজ।
তেজৰ লগতে মাংসও সেৱন কৰে লোক সকলে। বিশ্বাস অনুসৰি ই মানৱ শৰীৰত উষ্ণতা সামান্য কৰি ৰাখে। মূৰৰ বিষ, পেটৰ সমস্যা আদিৰ পৰাও দূৰত ৰাখে হেনো।