নৰসিংহ পাতৰ জোল বনাই খালে গ্ৰহণী ৰোগ উপশম হয়। নৰসিংহ পাতৰ ৰসে অৰুচি আৰু বমি ভাব আঁতৰায়।
নৰসিংহ পাতৰ ৰসে তেজৰ পৰিমাণ বৃদ্ধি কৰে। পেটৰ বিষ হ’লে চাৰি কাপ পানীত নৰসিংহ গছৰ শিপা ৫-৬ গ্ৰাম লৈ সিজাই উঠি ৰাতি পুৱা পানী খালে পেটৰ বিষ ভাল হয়।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে আৰু ই হাড়, দাঁতৰ গঠনত সহায় কৰে। নৰসিংহৰ পাতে পাচনতন্ৰ সুস্থ কৰি ৰাখে।
ই ডাইৰিয়া, ডিচেন্ট্ৰি,মন্দাগ্নি আৰু মধুমেহ ৰোগত বিশেষ লাভজনক। নৰসিংহৰ পাত পিহি লগালে চুলি পকা আৰু চুলি সৰা সমস্যাৰ পৰা হাত হাৰিব পাৰি।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন ই থাকে। নৰসিংহ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰাত সহায় কৰে।
নৰসিংহ পাতত যথেষ্ট পৰিমাণে লৌহ পদাৰ্থ থাকে। নৰসিংহৰ পাত খালে শৰীৰত ৰক্ত বৃদ্ধি হয়। জুয়ে পুৰিলে নৰসিংহ পাত থেতেলিয়াই পোৰা অংশত লগালে আৰাম পোৱা যায়। নৰসিংহ পাতৰ ৰসৰ লগত নিমখ মিহলাই কুলকুলি কৰিলে পায়োৰিয়া ৰোগ নিৰাময় হয়।