ধুমুহাৰ গতিত বাঢ়িছে ব্রিটেইন, চীন, দক্ষিণ কোৰিয়াৰ ক'ভিড পজিটিভিটিৰ সংখ্যা

 

গুৱাহাটী,8 এপ্ৰিল:বিশ্বজুৰি ক'ভিড গ্রাফ একেবাৰে নিম্নমুখী হোৱাৰ সময়তে ব্যতিক্রম ব্রিটেইন, চীন, দক্ষিণ কোৰিয়াৰ। বিশেষকৈ ধুমুহাৰ গতিতে যিটো হাৰত চীনত কৰোনা সংক্রমণ বাঢ়িছে, তাৰ বাবে লকডাউন জাৰি কৰিবলগা হৈছে বৃহৎ চহৰবোৰত।

 

দেওবাৰে চীনৰ স্বাস্থ্য আয়োগে দিয়া বিবৃতি অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰোনা আক্রান্ত হৈছে ১৩,১৪৬ জন। অতিমাৰিৰ প্রথম ঢৌৰ পিছত চীনত এটা দিনত ইমান মানুহ কৰোনা আক্রান্ত হোৱা বুলি জনোৱা হৈছে।গ্লোবেল টাইমছৰ ৰিপোর্ট অনুযায়ী, ওমিক্রনৰ বিএ. ১.১ উপ-প্রজাতিৰ পৰাও বর্তমান আক্রান্ত হৈছে কেইবাজনো। শুক্রবাৰে দালিয়ান চহৰতো ওমিক্রনৰ উপ-প্রজাতিত আক্রান্তৰ সন্ধান পোৱা গৈছে। চীনৰ স্বাস্থ্য আয়োগৰ তথ্য অনুযায়ী, অধিকাংশ কৰোনা ৰোগীয়েই উপসর্গহীন।

 

১১,৬৯১ জন কৰোনা ৰোগীৰ শৰীৰত কোনো উপসর্গ নাই। কিন্তু যিটো হাৰত চীনত কৰোনা সংক্রমণ বৃদ্ধি পাইছে, তাৰ বাবে ওমিক্রন প্ৰজাতিকেই দোষী কৰিছে চীনৰ স্বাস্থ্য বিশেষজ্ঞসকলে। তেওঁলোকৰ মতে, ওমিক্রনৰ এই নতুন উপ-প্রজাতিৰ সৈতে কৰোনাৰ অন্যান্য প্ৰজাতিৰ কোনো মিল নাই।পৰিসংখ্যা অনুযায়ী, বর্তমান চীনৰ মুঠ সংক্রমিতৰ প্রায় ৭০ ভাগেই চাংহাই চহৰৰ। দেওবাৰে চহৰখনত নতুনকৈ আক্রান্ত হৈছে ৮ হাজাৰৰো অধিক লোক। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ গণ পৰীক্ষা আৰম্ভ হৈছে।


জাৰি কৰা হৈছে লকডাউন। জৰুৰীভিত্তিত ঘৰৰ বাহিৰলৈ ওলোৱাৰ অনুমতি থাকিলেও, এসপ্তাহ সকলোৱেই ঘৰতে বন্দী হৈ থাকিব লাগিব। চাংহাইৰ বিভিন্ন চৰকাৰী আৰু ব্যক্তিগত কেন্দ্র বন্ধ আছে। যান-বাহন চলাচলতো জাৰি হৈছে কঠোৰ নিয়ম। ইয়াৰ ফলত পণ্য পৰিবহণতো প্রভাৱ পৰিছে।

Post a Comment

Previous Post Next Post