কইনা কন্দা শিলৰ কাহিনী

 


আপুনি বাৰু কেতিয়াবা শিলে কন্দা দেখিছেনে ।

কেতিয়াবা শিলে উচুপি উঠা কথা শুনিছেনে। “নিস্তব্ধ অৰণ্য ” “অসীমত যাৰ হেৰাল সীমা ” “মিছিং ” এই কাহিনী বোৰ হয়তো আপুনি শুনিছে বা পঢ়িছে ।

কল্পনা কল্পনা লগা কাহিনী বোৰৰো আছে এখন ছবি । এই অসমতে আছে এনেকুৱা এখন কিংবদন্তি ঠাই মৰিগাঁও বঘৰা পাহাৰৰ কইনা কন্দা শিল।

এই কইনা কন্দা শিলৰ প্ৰতিটো শিলেই যেন কথা কয় আৰু বুৰঞ্জীৰ বাট দেশাই বঘৰা কুঁৱৰী আৰু সেউজ-সুন্দৰ মায়ঙৰ কোঁৱৰ বিবাহপাশত আবদ্ধ হৈ ঘৰলৈ ওভতাৰ পথত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি হয় ।

প্ৰকৃতিৰ ধ্বংসাত্মক ৰূপৰ পৰা ৰক্ষা পাবলৈ ন কৈ অহা বিবাহিত দম্পতি হালে কাষতে থকা সেই গুহাত আশ্ৰয় লোৱা সময়তে গুহাৰ বিৰাট শিলাখণ্ড এটা বাগৰি আহি পৰে গুহাৰ প্ৰৱেশ দুৱাৰ আৰু ৰূপহী কইনাৰ গুহাতে জীৱন্ত সমাধি ঘটে।

এই কৰুণ দুৰ্ঘটনাৰ সাক্ষীস্বৰূপে তেতিয়াৰ পৰা বহু যুগ ধৰি দুৰ্ভাগিনী অসহাই কইনাৰ কান্দোনৰ ৰোল আৰু বিয়াত ব্যৱহৃত বাদ্যবাজে শব্দ শুনে বুলি মূখেমুখে চলি আহিছে ।

কুৰি শতিকাৰ শেষৰ ভাগতো গুহাটোৰ সন্মুখেৰে পাৰ হৈ গ’লে এনে লাগে যেন এজাক শিহৰণময় ভৌতিক চেঁচা বতাহে চুই যায়৷

শিহৰণময় চেঁচা বতাহে ভিতৰৰ পৰা মানুহক কঁপাই তুলে । এতিয়াও যেন সেই দুৰ্ভগীয়া ন কইনাজনীয়ে কৰুণ সুৰত বিনাই থাকে ।

Post a Comment

Previous Post Next Post