গুজৰাটত কংগ্রেছৰ স্থিতিৰ মূল্যায়ন কৰিব প্ৰশান্ত কিশোৰৰ দলে

 

গুৱাহাটী, ৭ এপ্ৰিলঃ গুজৰাট নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ দলে ৰাজ্যখনত কংগ্ৰেছৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ গুজৰাটত অৱতৰণ কৰিছে বুলি সূত্ৰযোগে জানিব পৰা গৈছে। অৱশ্যে, কিশোৰে পুৰণি দলটোত যোগদান কৰাৰ কোনো কথা স্পষ্টভাৱে প্ৰকাশ পোৱা নাই। 

কংগ্ৰেছ নেতৃত্বই ৰাজনৈতিক ৰণনীতিবিদৰ সৈতে গুজৰাটৰ বাবে বিশেষভাৱে কাম কৰিবলৈ কমেও দুটা পৰ্যায়ৰ আলোচনা কৰিছে য'ত দলটো ১৯৮৯ চনৰ পৰা ক্ষমতাৰ বাহিৰত আছে।

ইপিনে, গুজৰাট কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি, ৰণনীতিবিদ কিশোৰৰ সৈতে কংগ্রেছৰ কোনো আনুষ্ঠানিক মিত্ৰতা হোৱা নাই, কিন্তু দলটোৱে তেওঁক ব'ৰ্ডত ৰাখিবলৈ আগ্ৰহী আৰু কেন্দ্ৰীয় নেতৃত্বই অতি সোনকালে এই বিষয়টোৰ ওপৰত সিদ্ধান্ত ল'ব।

আনহাতে, প্ৰশান্ত কিশোৰে গুজৰাটত কংগ্রেছৰ জড়িত থকাৰ বিষয় সন্দৰ্ভত কোনো সঁহাৰি দিয়া নাই। কিন্তু কিশোৰে যোৱা দুসপ্তাহৰ ভিতৰত গান্ধী পৰিয়ালক কেইবাবাৰো লগ কৰিছে আৰু দলটোৰ সৈতে কাম কৰাৰ কথা কৈছে। কিন্তু দুয়োপক্ষই এই বিষয়ত কোনো কথা স্পষ্টভাৱে উল্লেখ কৰা নাই।


গুজৰাট বিধানসভা নিৰ্বাচনত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ সেৱা লাভৰ বিষয়টো ২৪ মাৰ্চত ৰাহুল গান্ধীৰ সৈতে ৰাজ্যিক দলৰ নেতাসকলৰ এখন বৈঠকত আলোচনা কৰা হৈছে।

তেতিয়াৰ পৰা প্ৰাৰম্ভিকভাৱে আলোচনা বিফল হোৱাৰ পিছত বেক-চেনেল আলোচনা চলি আছে, কিন্তু কংগ্ৰেছে ইয়াক অস্বীকাৰ কৰিছে।

অৱশ্যে, দলটোৱে কিশোৰৰ এজন ঘনিষ্ঠ সহযোগীক কোনো চৰ্ত অবিহনে দলটোৰ হৈ কাম কৰিবলৈ লৈছে, কিয়নো ৰাজনৈতিক পৰামৰ্শদাতাৰ যোগদান কংগ্ৰেছ নেতাসকলৰ দ্বাৰা স্থগিত হৈ পৰিছে।কংগ্ৰেছে বছৰটোৰ শেষত অনুষ্ঠিত হ'বলগীয়া গুজৰাট বিধানসভা নিৰ্বাচনৰ বাবে একে সময়তে প্ৰভাৱশালী নেতা আৰু ৰণনীতিবিদ প্ৰশান্ত কিশোৰ, নৰেশ পেটেলকো আকৰ্ষণ কৰিছে।গুজৰাটৰ কংগ্ৰেছ নেতাসকলে অনুভৱ কৰে যে, "নৰেশ পেটেলে গুৰুত্বপূৰ্ণ সৌৰাষ্ট্ৰ অঞ্চলত দলৰ জয় নিশ্চিত কৰিব পাৰে আৰু প্ৰশান্ত কিশোৰে দলটোৰ বাবে এক  ৰণনীতি গঢ়ি তুলিব পাৰে।"




 

Post a Comment

Previous Post Next Post