নাৰায়ণপুৰৰ অসমৰ অন্যতম দেউৰী জনগোষ্ঠী সকলৰ মাজত পৰমপৰাগত বোকা খেল ।

 

আজি দেউৰী বিহু ।   





লখিমপুৰ জিলাৰ  নাৰায়ণপুৰৰ দেউৰী জনজাতী অধ্যুসিত অঞ্চল সমুহত আজি  পুৱাৰে পৰা  উৎসৱমুখী পৰিবেশ। 



যোৱা কালি ৰাতিটো দেউৰী জনগোষ্ঠীৰ ৰীতি-নীতি অনুসৰি বিহু মাৰি আজি পুৱা বোকা খেলেৰে  ইজনে-সিজনক শুভেচ্ছা জনাই এক আনন্দমুখী পৰিবেশ দেখা পোৱা গৈছে । 


অঞ্চৰটোৰ বৰদেউৰী গাঁও , পিছলা, ভোগপুৰকে ধৰি আটাইবোৰ দেউৰী জনগোষ্ঠী অঞ্চলতে দেউৰী জনগোষ্ঠীৰ প্ৰাণৰ ব'হাগ বিহু পালন কৰা দেখাপোৱা গ'ল ।

পৰম্পৰা অনুসৰি বহাগ মাহৰ প্ৰথমটো বুধবাৰে অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠীয় লোক সকলে পালন কৰে বিহুৰ উৰুকা। 



ৰুকা দিনা গৃহস্থই বিহু পাতিবৰ বাবে দেওশালত কুন্দিমামাৰ আশীষ বিচাৰে । গাঁৱৰ সমূহ ৰাইজ দেওশালত উপস্থিত হয়।  



পৰমপৰা  মতে গাওঁখনৰ অতীজৰে পৰা ঠদেওশালৰ দায়িত্বত থাকি ইহলীলা সম্বৰণ কৰা ব্যক্তি ঠসকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে  তেখেত সকলৰ নামত পৰম্পৰাগত ভাৱে ৰাজহুৱাকৈ বন্তি জ্বলাই শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।


# ## নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিৰ্পট 

Post a Comment

Previous Post Next Post