নিউজ ডেস্ক। ”মা, ইয়াত বহুত জাৰ পৰিছে। আজি আমি ঘৰলৈ উভতিছো…। তোমাৰ মোবাইল নম্বৰত ৰিচাৰ্জ কৰি দিছো, চাই লোৱা…।’’-এয়া আছিল ডা০ সতীশ পুনিয়াই মাতৃলৈ কৰা অন্তিমটো ফোন কল। পত্নী, পুত্ৰ-কন্যাৰ লগতে ভাতৃৰ পৰিয়ালটোৰ সৈতে হিমাচল প্ৰদেশ ভ্ৰমণলৈ গৈছিল ৰাজস্থানৰ চিকাৰৰ নিৱাসী ডাঃ সতীশ পুনিয়া।
১৮ এপ্ৰিল, অৰ্থাৎ সোমবাৰে তেওঁলোকে উভতিছিল গৃহাভিমুখে।
নতুনকৈ কিনা বাহনখনেৰে গোটেই পৰিয়ালটো ঘৰলৈ উভতাৰ পথতেই সংঘটিত হ’ল কৰুণ দুৰ্ঘটনা।
পঞ্জাৱৰ ৰূপনগৰত অভাৰটেকৰ সময়ত বিপৰীত দিশৰ পৰা অহা বাহনখন খুন্দাত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে তেওঁলোকৰ বাহনখন। যাৰ ফলত মৃত্যুক সাৱটি লয় ডাঃ সতীশ পুনিয়াৰ লগতে পৰিয়ালটোৰ ৭ গৰাকী সদস্যই।