নাওবৈছাত দুৱাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত শীক্ষাৰ্থীৰ মাজত শিকন সামগ্ৰী বিতৰণ

 

লখিমপুৰ, ২৯ এপ্ৰিলঃ বিজ্ঞান , প্ৰযুক্তি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰি অহা দুৱাৰ ফাউণ্ডেচনৰ উদ্যোগত ২৯ এপ্ৰিলত নাওবৈছাৰ কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ত আৰু  নাৰায়ণপুৰৰ বৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়ত কণমানি শিশুসকলৰ মাজত শিকন উপযোগী সমল বিতৰণৰ অনুষ্ঠান সম্পন্ন হৈ যায়। অনুষ্ঠানত সমল বক্তা হিচাপে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° জিতেন চন্দ্ৰ কলিতা।

চৰকাৰী মাধ্যমৰ বিদ্যালয়ত মাতৃভাষা মাধ্যমৰ বিদ্যালয়ত শিক্ষাগ্ৰহণ তথা মাধ্যম কেতিয়াও যে শিক্ষাগ্ৰহণৰ অন্তৰায় নহয় সেই কথা তেওঁ সুন্দৰকৈ বুজাই দিয়ে। ইয়াৰ উপৰিও নতুন উদ্ভাৱন চিন্তাৰ কেনেদৰে বিকাশ ঘটাব পাৰি সেই বিষয়ে বুজাই দিয়ে। অনুষ্ঠানত অধ্যাপক জিতেন চন্দ্ৰ কলিতাই বিদ্যালয়ৰ ৯০ জন শিক্ষাৰ্থীক শিকন সমল বিতৰণ কৰে।

দুৱাৰ ফাউণ্ডেচনৰ মুখ্য কাৰ্যবাহী মানস প্ৰতিম দত্তই আঁত ধৰা অনুষ্ঠানটোত নাওবৈচা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰূপজ্যোতি ভূঞা, কাৱৈভূৰুকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, চি আৰ চি চি উপস্থিত থাকে। দুৱাৰ ফাউণ্ডেচনৰ মুখ্য পৃষ্ঠপোষক সঞ্জীৱ গোহাঁইৰ শলাগৰ শৰাইৰে  অনুষ্ঠানটিৰ সামৰণি পৰে।

 

 ইয়াৰ পাছতে ১২:৩০ বজাত নাৰায়ণপুৰৰ বৰদেউৰী জ্যোতি প্ৰাথমিক বিদ্যালয়তো শিকন সমল বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিমোহন দেউৰীয়ে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ ৭০ জন শিক্ষাৰ্থীক শিকন সমল বিতৰণ কৰে। বিদ্যালয়ৰ প্ৰধান শিক্ষক মণিমোহন দেউৰীৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানটোত দেউৰী সাহিত্য সভাৰ ফিজো দেউৰীৰ সাৰুৱা ভাষণেৰে সামৰণি পৰে।

Post a Comment

Previous Post Next Post