গুৱাহাটী, ৩০ এপ্ৰিলঃমূল্যবৃদ্ধিয়ে টেটুলৈকে চেপিছে সাধাৰণ জনতাক৷বজাৰত প্ৰতিদিনেই নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে৷অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ এনে অভূতপূৰ্ব দাম বৃদ্ধিয়ে এতিয়া সাধাৰণ মানুহৰ জনজীৱনক ব্যাপকভাৱে প্ৰভাৱিত কৰা দেখিবলৈ পোৱা গৈছে যদিও এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে৷কিন্তু এনে মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন হ'লেই শাসকীয় পক্ষৰ লোকৰ মুখত কেৱল এনেধৰণৰ কথা, 'আমি বুজি পাইছো।কিন্তু সকলো আমাৰ হাতত নাথাকে।খেতি কৰক। স্বাৱলম্বী হওক।শাক-পাচলি কমকৈ খাওক।মিঠাতেল ব্যৱহাৰ নকৰিব।বইল খাওক।চলিত সপ্তাহৰ পৰা প্ৰতিলিটাৰ খোৱা তেলৰ দাম ব্ৰেণ্ড ভেদে ৬টকাৰ পৰা ৩৫ টকালৈকে বৃদ্ধি পাইছে৷ব্ৰেণ্ড অনুসৰি বাঢ়িছে মিঠাতেলৰ দাম।মিঠাতেলৰ সমানে সমানে চাউলৰ দামো অভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷
কোন সামগ্ৰীৰ কিমান দাম বাঢ়িল জানেনে?
▶অনুপম আৰু ইঞ্জিন ব্ৰেণ্ডৰ মিঠাতেলৰ দাম প্ৰতি লিটাৰত ৬ টকা বৃদ্ধি৷
▶ধাৰা ব্ৰেণ্ডৰ মিঠাতেলৰ দাম ১৫ টকা, গকুল ব্ৰেণ্ডৰ ১০ টকা,ছানফ্লাৱাৰ তেলৰ দাম প্ৰতি লিটাৰত ২০ টকা বৃদ্ধি৷
▶ছয়া তেলৰ দাম ৩০ টকা আৰু পাম তেলৰ দাম ব্ৰেণ্ড ভেদে প্ৰতি লিটাৰত ৩৫ টকা পৰ্যন্ত বৃদ্ধি৷
▶খুচুৰা বজাৰত প্ৰতি কুইণ্টল চাউলৰ দাম ৩০০-৬০০ টকা পৰ্যন্ত বৃদ্ধি৷
▶কে আৰ টি চাউলৰ দাম প্ৰতি কুইণ্টলত ৪০০ টকা বৃদ্ধি৷
▶সোণাশক্তি চাউলৰ দাম কুইণ্টলত ৬০০ টকা বৃদ্ধি৷
▶আইজং চাউলৰ দাম প্ৰতি কুইণ্টলত তিনিশ টকা বৃদ্ধি ৷
▶ডেটল চাবোনৰ দাম ৮ টকা বৃদ্ধি।
▶প্ৰতি পেকেট বিস্কুটৰ দাম ৫-১০ টকা বৃদ্ধি।
▶১০ টকীয়া কে’কৰ দাম ১৫ টকা বৃদ্ধি।
▶বিকাজী ভূজিয়াৰ গড় দাম ৫ টকাকৈ বৃদ্ধি৷
▶৮০ শতাংশ ঔষধৰ দাম ১৮ শতাংশ পৰ্যন্ত বৃদ্ধি।
▶ডায়েবেটিছ ৰোগীৰ ঔষধ গ্লাইকমেট-৫০০ৰ ৩০ টকা বদ্ধি।
▶গেছৰ টেবলেটৰ দাম ১০ টকা বৃদ্ধি।