গুৱাহাটী,১০ এপ্ৰিল:ভাৰতীয় সেনাবাহিনীত অতি শীঘ্ৰে তিনি বছৰৰ নিৰ্দিষ্ট সময়ৰ বাবে অংশকালীন নিযুক্তি প্ৰক্ৰিয়া শুভাৰম্ভ হ’ব৷ ইয়াৰ বাবে সামৰিক পৰিক্ৰমা বিভাগে এটা নতুন প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ যি প্ৰস্তাৱ অনুসৰি অদূৰ ভৱিষ্যতে সশস্ত্ৰ বাহিনীত অংশকালীন সৈনিক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব৷
প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা মতে বৰ্তমান চৰকাৰে বিবেচনা কৰা প্ৰস্তাৱ অনুসৰি সেনাই ‘টুৰ অৱ ডিউটী’ [টি অ’ ডি]ৰ ধাৰণাটো কাৰ্যকৰী কৰিব৷ প্ৰথমবাৰৰ বাবে ২০২০ চনত ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল৷ এই প্ৰস্তাৱ অনুসৰি তিনিবছৰীয়া কাৰ্যকালত জোৱানসকলৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ইয়াৰ উদ্দেশ্য হৈছে, এক নিৰ্দিষ্ট সময়ৰ বাবে সৈনিক নিয়োগ কৰা, দৰমহা আৰু পেঞ্চনৰ বোজা হ্ৰাস কৰা৷ যাতে সেনাৰ ওপৰত বৰ্ধিত ৰাজহুৱা বোজা কিছু হ্ৰাস কৰিব পৰা যায়৷
বৰ্তমানৰ সময়ছোৱাত এজন এছএছচি বিষয়াৰ বাব ১২ লাখ টকা ব্যয় হয়৷ যি ১০ বছৰৰ পিছত অৱসৰ লয়৷ একে সময়তে ১৪ বছৰ চাকৰি কৰাৰ পিছত অৱসৰ গ্ৰহণ কৰা এজন বিষয়াৰ বাবে ৬.৮৩ কোটি টকা ব্যয় কৰা হয়৷ এনে ব্যয়ৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে চৰকাৰে অংশকালীন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে৷
যিসকলে নিযুক্তি পাব তেওঁলোকৰ প্ৰত্যেকৰ নামত ৮০-৮৫ লাখ টকাহে ব্যয় হ’ব৷ এই ব্যয়ৰ ভিতৰত অন্তভুৰ্ক্ত থাকিব দৰমহা, ভাট্টা, গ্ৰেচ্যুইটী৷ উল্লেখ্য যে এই প্ৰস্তাৱৰ পৰা বিষয়া বাহিৰত থাকিব, কেৱল জোৱানহে এই শ্ৰেণীত নিযুক্তি হ’ব৷ মহামাৰীৰ বাবে যোৱা দুবছৰে স্থল সেনা, নৌ-সেনা আৰু বায়ু সেনাত কোনো ভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই৷
ইতিমধ্যে ভাৰতীয় সেনাবাহিনীত বহু পদ খালী হৈ আছে৷ এই পদসমূহ পূৰণ কৰাৰ বাবে চৰকাৰে এনেধৰণৰ এক পদক্ষেপ হাতত লৈছে৷ এই প্ৰস্তাৱৰ জৰিয়তে যিসকলে নিযুক্তি লাভ কৰিব, সেইসকলৰ তিনি বছৰীয়া ম্যাদ উকলাৰ পিছত তেওঁলোকক মুকলি কৰি দিয়া হ’ব৷ কিন্তু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীসহ চৰকাৰী অন্য বিভাগসমূহৰ চাকৰিত তেওঁলোকে অগ্ৰাধিকাৰ লাভ কৰিব৷