এটা মিছা সপোনৰ পিছে পিছে গৈছে:আলফাত যুৱক-যুৱতীয়ে যোগদান কৰাকলৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

 গুৱাহাটী, ২০ এপ্রিলঃ শেহতীয়াকৈ ৰাজ্যৰ একাংশ যুৱক-যুৱতীৰ আলফা(স্বাধীন)ত যোগদান কৰিছে।তথ্য অুসৰি এই পৰ্যন্ত ৪৭ গৰাকী যুৱক-যুৱতীয়ে আলফাত যোগদান কৰিছে।ৰাজ্যখনৰ যুৱক-যুৱতীসকলে আলফা(স্বাধীন)ত যোগদানক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,"আৱেগৰ দ্বাৰা পৰিচালিত হৈ যুৱক-যুৱতীৰ এটা অংশই সংগঠনটোৰ সৈতে জীৱনৰ এটা সময় অতিবাহিত কৰাৰ পিছত মূলসুঁতিলৈ ঘূৰি আহিবলৈ আলফাত যোগদান কৰে।মই যুৱক-যুৱতীসকলৰ আলফাত যোগদান কৰা তেওঁলোকৰ জীৱন নষ্ট কৰাৰ কোনো প্ৰকৃত কাৰণ বিচাৰি নাপাওঁ।

ই এক সঠিক পথ নহয় যদিও আমাৰ কিছুমান ল'ৰা আৰু ছোৱালীয়ে এটা মিছা সপোনৰ পিছে পিছে গৈছে আৰু জংঘললৈ যোৱা আৰু নিজৰ জীৱনৰ মূল্যৱান সময় অপচয় কৰাটো উচিত নহয়।আমি তেওঁলোকৰ বাবে সঁচাকৈয়ে চিন্তিত।আমি যোগাযোগত আছো।

সমাজ আৰু অভিভাৱক সকলে বুজি পাব লাগিব।লগতে বিষয়টো অনুধাৱন কৰিব পাৰিব লাগিব।অপৰাধজনিত কাৰ্য সংঘটিত নোহোৱা পৰ্যন্ত আৰক্ষীৰ কৰিবলগীয়া একো নাথাকে।এনে ধৰণৰ ঘটনা প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ।"


Post a Comment

Previous Post Next Post