শ্ৰীলংকাত হাহাকাৰ পৰিস্থিতি:দেউলীয়া শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা

 

গুৱাহাটী, ২ এপ্রিলঃশ্ৰীলংকাত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন অৱস্থা ঘোষণা।চৰকাৰৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ উদ্গীৰণৰ পিছতে জৰুৰী অৱস্থা ঘোষণা কৰিছে।চৰকাৰৰ ভুল নীতিৰ বাবেই ভয়ংকৰ বিত্তীয় সংকটত শ্ৰীলংকাত।স্বাধীনতাৰ সময়ৰ পৰা প্ৰথমবাৰৰ বাবে শ্ৰীলংকাত দেখা দিছে ভয়াবহ অৰ্থনৈতিক সংকটে।

প্ৰতিদিনেই অধিক বেয়াৰ ফালে ঢাল খাই গৈ আছে শ্ৰীলংকাৰ অৰ্থনৈতিক পৰিস্থিতি।বৰ্তমানে দেশখনত,খাদ্যৰ সংকট,বিদ্যুতৰ সংকট,পেট্ৰ’লৰ অভাৱ,ডিজেল ইতিমধ্যে শেষ আদি বিভিন্ন সমস্যাই দেখা দিছে।তাৰোপৰি প্ৰথম বাৰৰ বাবে এনে পৰিস্থিতি আহি পৰিছে যে কাগজৰ অভাৱত শিক্ষাখণ্ডও অচল হৈ পৰিছে।

দেশখনত বৰ্তমানে ঠায়ে ঠায়ে চৰকাৰৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই।জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ৰাষ্ট্ৰপতি ৰাজাপাকছাই কয় যে, দেশখনৰ সুৰক্ষা আৰু অত্যাৱশ্যকীয় সেৱাৰ ৰক্ষাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।


Post a Comment

Previous Post Next Post