লখিমপুৰৰ বগীনদীত বীৰোচিত আদৰণি খৈলুৱৈ বিপ্লৱ চুতীয়াক ।

 

হিমাচল প্ৰদেশত ৰাষ্ট্ৰীয় কিক বক্সিঙত  সোণৰ পদক অৰ্জন কৰি ৰাজ্য তথা লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনা বিপ্লৱ চুতীয়াক বীৰোচিত আদৰণি বগীনদীৰ বিভিন্ন দল সংগঠনৰ ।

বগীনদীৰ ব্ৰাদাৰ্ছ ক্লাৱে গাড়ীত তুলি সমদল কৰি আদৰণি জনালে খৈলুৱে গৰাকীক।

বগীনদীৰ সৰুদিজ্জু নামৰ অখ্যাত গাঁৱৰ বিপুল চুতীয়াৰ পুত্ৰ বিপ্লৱ চুতীয়া।

হিমাচল প্ৰদেশৰ ৰাজা বীৰভদ্ৰ সিং ইনডৰ ষ্টেডিয়ামত মাৰ্চ মাহৰ ২৩ ৰ পৰা ২৯ মাৰ্চ লৈকে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়ন কম্পিটিশ্যন। 

দেশৰ শ্বহীদ সেনাপ্ৰধান বিপিন ৰাৱাটৰ সোৱৰণীত আয়োজিত এই চেম্পিয়নশ্বিপত - ৫২ কেজি ইভেন্টত সোণৰ পদক অৰ্জন কৰি চেম্পিয়ন হ ল বগীনদীৰ খৈলুৱৈ গৰাকী। 

লখিমপুৰৰ পৰা গিৰিশ বৰুৱাৰ ৰিপৰ্ট ।

Post a Comment

Previous Post Next Post