ছোনিয়াৰে বৈঠক নিৰ্বাচনী ৰণনীতিকাৰ পিকেৰঃ তামিলনাডু-পশ্চিমবংগ-মহাৰাষ্ট্ৰত মিত্ৰতাৰ প্ৰস্তাৱ

 

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে আজি নিৰ্বাচনী ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ সৈতে দীঘলীয়া বৈঠক কৰে৷ সহযোগী দলসমূহৰ সৈতে কংগ্ৰেছৰ সম্পৰ্ক পুনৰুজ্জীৱিতকৰণ আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ গেম প্লেন সন্দৰ্ভত নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ সৈতে বৈঠক কৰা বুলি জানিব পৰা গৈছে৷ ৰণনীতিবিদ প্ৰশান্ত কিশোৰৰ প্ৰস্তাৱ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদমাদ্যমত প্ৰকাশিত খবৰ মতে, প্ৰশান্ত কিশোৰে লৈ অহা প্ৰস্তাৱত কংগ্ৰেছে ৩৭০ খন আসন আৰু কিছু নিৰ্দিষ্ট ৰাজ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ ৰণনীতি যুগুত কৰা হৈছে৷ আসন মিত্ৰশক্তিৰে সংৰক্ষিত কৰিব পৰা যায় সেই বিষয়েও আলোচনা হয়। সংবাদ সংস্থা এএনআইৰ এটা সূত্ৰৰ উদ্ধৃতি দি কয় যে প্ৰশান্ত কিশোৰে পৰামৰ্শ দিছে যে কংগ্ৰেছে উত্তৰ প্ৰদেশ, বিহাৰ আৰু ওড়িশাত অকলে যুঁজ দিব লাগে৷ আনহাতে তামিলনাডু, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত মিত্ৰতা কৰিব লাগে। ৰাহুল গান্ধীয়েও এই পৰামৰ্শৰ সৈতে সন্মত। কংগ্ৰেছৰ ওচৰত প্ৰস্তাৱটো বিবেচনা কৰিবলৈ ২ মে’লৈ সময় আছে।

ছোনিয়া গান্ধীৰ ১০ জনপথ ৰোডৰ বাসভৱনত অনুষ্ঠিত বৈঠকত জীয়ৰী তথা দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী, দলৰ জ্যেষ্ঠ নেতা মুকুল ৱাছনিক, ৰণদীপ সিং সুৰজেৱালা আৰু অম্বিকা চোনীয়ে অংশগ্ৰহণ কৰে। অৱশ্যে প্ৰশান্ত কিশোৰে তেওঁৰ প্ৰস্তাৱক লৈ কংগ্ৰেছত যথেষ্ট অসন্তুষ্টি দেখা গৈছে৷ কিয়নো ৰাজ্যসমূহত কংগ্ৰেছৰ পোনপটীয়া প্ৰতিদ্বন্দ্বি বিৰোধী দলে কংগ্ৰেছত সহযোগ কৰা নাই৷ দেশৰ আটাইতকৈ পুৰণি দলটোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক ভাল নহয়। এই নেতা তথা দলৰ ভিতৰত আছে বংগৰ মুখ্যমন্ত্ৰী আৰু টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জী, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডী আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও।

প্ৰশান্তৰ সংস্থা আইপেকে মমতা আৰু জগনমোহনৰ নিৰ্বাচনী প্ৰচাৰ সফলতাৰে পৰিচালনা কৰিছে। গান্ধী পৰিয়ালৰ সৈতে প্ৰশান্ত কিশোৰৰ বৈঠকৰ পিছতে যোৱা সপ্তাহত কংগ্ৰেছত যোগদান কৰাৰ কথা-বতৰাই গতি লাভ কৰিছিল যদিও এই বিষয়টোত চূড়ান্ত সহমত হোৱা নাই। এইবাৰ প্ৰশান্ত কিশোৰে দলটোক পুনৰুজ্জীৱিত কৰাৰ পৰিকল্পনাৰে গান্ধী পৰিয়ালৰ পুনৰ কাষ চাপিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

Post a Comment

Previous Post Next Post