আমাৰ সকলোৰে ঘৰত পৰিচিত এবিধ খাদ্য নেমুত ভিটামিন ‘এ’, ভিটামিন ‘বি’ আৰু ভিটামিন ‘চি’- এই তিনিবিধ ভিটামিনযুক্ত এবিধ টেঙা ।
নেমুৰ উৎপাদন সাধাৰণতে সকলো দেশতে কৰা যায় যদিও ভাৰত ২.৪ শতাংশ , মেক্সিকো ২.৫ শতাংশ , চীন ২.৩ শতাংশ ,আৰ্জেণ্টিনা ১.৭ শতাংশ , ব্ৰাজিল ১. ৩ শতাংশ , তুৰস্ক ১.০ শতাংশ আৰু বিশ্ব ১৭.২ শতাংশ ।
নেমুৰ উপকাৰিতাসমূহঃ
১) দেহৰ দুৰ্বলতাৰ কাৰণে হোৱা শৰীৰৰ সকলো ধৰণৰ ৰোগ নিৰাময় কৰিব পাৰে নেমুৱে।
২) নেমু ৰস জণ্ডিচ ৰোগীৰ বাবে অতিকৈ উপকাৰী । দাঁতৰ আলু উখহা, বিষ হোৱা আদিত নেমু ৰসৰ উপকাৰীতা আছে ।
৩)ভৰিৰ গেৰোৱা ফাটিলে তাক নিৰাময় কৰিবলৈ নেমু ৰস ব্যৱহাৰ কৰিলে উপকাৰ লাভ কৰে ।
৪) পানী লগা অসুখত গোল নেমুৰ ৰস বা গুটি পিহি খালে এই ৰোগ নিৰাময় হয়।
৬ পেটৰ সমস্যা হলে বহুত মাহ পুৰণি নিমখত দি থোৱা নেমু টেঙা খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ।
৫)নেমুৰ আন এটা উল্লেখযোগ্য ভূমিকা হ’ল গৰমৰ দিনত মানৱ দেহৰ পৰা ঘামৰ লগত অধিক পৰিমাণে খনিজ পদাৰ্থ আৰু গাৰ পৰা দুৰ্গন্ধ ওলোৱা দেখা যায় তেনে ক্ষেত্ৰত নেমুৰ চৰবতে দেহত হ্ৰাস পোৱা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰে আৰু আমাৰ শৰীৰ টো ” Detox ” কৰাত সহায়।