গুৱাহাটী, ২৭ এপ্ৰিলঃ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম গৰীয়া জাতীয় পৰিষদে সুকীয়া জৰীপৰ দ্বাৰা চিনাক্ত কৰু ৰাজনৈতিক, অৰ্থনৈতিক আৰু শৈক্ষিক ক্ষেত্রত সংৰক্ষণৰ ব্যৱস্থা কৰাৰ মূল দাবীৰে এখন সংবাদমেলৰ আয়োজন কৰে।
উক্ত সংবাদমেলত পৰিষদৰ সভাপতি মইনুল ইছলামে ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ জুলাই মাহত খিলঞ্জীয়া ইছলামধৰ্মী সকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে পৰামৰ্শ প্ৰদান কৰিবলৈ গঠন কৰা ৭ খন উপ-সমিতিয়ে ২১ এপ্ৰিল ২০২২ তাৰিখে মুখ্যমন্ত্রীৰ হাতত দাখিল কৰা প্ৰতিবেদনৰ কেইটামান পৰামৰ্শই সচেতন গৰীয়া লোকসকলক চিন্তিত কৰি তুলিছে বুলি উল্লেখ কৰে। ইয়ীৰ লগতে ইছলামে সংবাদমেলত কেইবাটাও দাবী জনায়।
ইছলামে জনোৱা দাবীসমূহ ক্ৰমেঃ
১. গৰীয়া লোকসকলক আন জনগোষ্ঠীৰ দৰে জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰা।
২. খিলঞ্জীয়া মুছলমানক গৰীয়া জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা।
লগতে, সভাপতি গৰাকীয়ে কয় যে, গঠন কৰি দিয়া সমিতিৰ উপ-সভাপতি ৱাছবিৰ হুছেইনে গৰীয়া লোকসকলক এক পৃথক জনগোষ্ঠীৰ মৰ্যাদা দি অংগচ্ছেদ কৰিছে বুলি অভিযোগ উত্থাপিত কৰিছে।