গুৱাহাটী, ২৭ এপ্ৰিলঃভাৰতত কৰ'নাৰ সংক্ৰমণ আকৌ দ্ৰুত গতিত বৃদ্ধি পাইছে।তৃতীয় ঢৌৰ পিছত পৰিস্থিতি কিছু শাম কাটিছিল যদিও বিগত কেইটামান দিন ধৰি নিম্নমুখী ক'ভিড গ্ৰাফ পুনৰ ওপৰলৈ উঠিছে।বিশেষজ্ঞসকলে জুনত পুনৰ চতুৰ্থ ঢৌ অহাৰ সতৰ্কবাণী দিছে।ৰাজধানী দিল্লীত কৰ'নাৰ সংক্ৰমণৰ ঘটনা নিয়ন্ত্ৰণহীন হৈ পৰিছে।
কৰ'নাৰ বৰ্ধিত সংক্ৰমণৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক আহ্বান কৰিছে।এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশৰ কৰ'না পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।কনফাৰেন্সত প্ৰধানমন্ত্ৰীয়ে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ পৰা ক'ভিড পৰিস্থিতিৰ খবৰ ল’ব।তাৰ পিছত প্ৰয়োজনত আলোচনামৰ্মে পুনৰ নতুন ক'ভিড গাইডলাইন তৈয়াৰ হ’ব।
প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এক প্ৰেজেণ্টেচনো আগবঢ়াব।কৰ'নাৰ চতুৰ্থ ঢৌৰ আশংকাৰ মাজত মুখ্যমন্ত্ৰীসকলৰ সৈতে এইখন প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম বৈঠক।আজিৰ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ লগতে বিভাগীয় শীৰ্ষ বিষয়াসকল উপস্থিত থাকিব।