গৰু, ড্ৰাগছ নহয়, এইবাৰ বাংলাদেশলৈ সৰবৰাহৰ সময়ত জব্দ হ’ল এই বিশেষ সামগ্ৰী…

 

নিউজ ডেস্ক। চোৰাং গৰু, ড্ৰাগছ বা অন্য নিচাজাতীয় সামগ্ৰী নহয়, এইবাৰ বাংলাদেশ সীমান্তত জব্দ হ’ল বৃহৎ পৰিমাণৰ মানুহৰ চুলি।

বৃহস্পতিবাৰে সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানসকলে ভাৰত-বাংলাদেশ সীমান্তৰ খাচী পাহাৰত সৰবৰাহৰ সময়ত ১০০ কোজি মানুহৰ চুলি জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, কেইবাটাও বেগত ভৰাই চুলিখিনি বাংলাদেশলৈ খোজ কাঢ়ি সৰবৰাহৰ সময়তে বিএছএফৰ জোৱানে জব্দ কৰে।

বিএছএফ মেঘালয় ফ্ৰণ্টিয়াৰৰ ইন্সপেক্টৰ জেনেৰেল ইন্দ্ৰজিৎ সিং ৰাণাই কয়, “এয়া এক নতুন প্ৰৱণতা, কিয়নো এইবছৰ এইটো দ্বিতীয় ঘটনা। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত বাংলাদেশলৈ সামগ্ৰী সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল।’’

অৱশ্যে চুলিৰ সৰবৰাহ এয়াই প্ৰথম বুলিও মন্তব্য কৰে ইন্সপেক্টৰ জেনেৰেলগৰাকীয়ে।

উল্লেখ্য যে, উইগ নিৰ্মাণৰ বাবে মানুহৰ মূৰৰ চুলি ব্যৱহাৰ হৈ আহিছে। বৰ্তমান সময়ত ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰত মানুহৰ চুলিৰে নিৰ্মিত উইগৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। বৃহস্পতিবাৰে বিএছএফে জব্দ কৰা ১০০ কেজি চুলিৰ মূল্য প্ৰায় ১০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে।

সৰবৰাহকাৰীয়ে এই চুলিখিনি ভাৰত-বাংলাদেশ সীমান্তৰ বেৰহীন এলেকাৰে সৰবৰাহৰ চেষ্টা কৰিছিল বুলি জনায় বিএছএফে।

অৱশ্যে চোৰাং ব্যৱসায়ীসকলে বিএছএফ জোৱানক প্ৰত্যক্ষ কৰি চুলিৰ বেগসমূহ পেলাই পলায়ন কৰিবলৈ সক্ষম হয়।

Post a Comment

Previous Post Next Post