বিগত বছৰসমূহৰ দৰেই আজি গৰু বিহুৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই পৰম্পৰা ৰক্ষা কৰি ঐতিহাসিক মুকলি বিহু উদযাপন কৰে৷ পূৰ্বৰ বছৰ সমূহৰ দৰেই সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অসমীয়া নৱবৰ্ষক আদৰণি জনাই বৰ্ণিল কাৰ্যসূচীৰ আয়োজন কৰে৷ পতাকা উত্তোলন আৰু অসমৰ কেইবাটাও থলুৱা জনগোষ্ঠীৰ নৃত্যৰে অনুষ্ঠিত মুকলি বহুত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকজ্যোতি বৰুৱা উপস্থিত থাকি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জ্ঞাপন কৰে৷ গৰু বিহুৰ দিনটোত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৰাজ্যৰ ১৪ গৰাকী গুণী-জ্ঞানী লোকক সম্বৰ্ধনা জ্ঞাপন কৰে। মহামাৰীৰ বাবে কোভিডৰ বাবে মুকলি বিহু উদযাপন কৰা নাছিল আছুৱে। কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত বিগত দুটা বছৰৰ মূৰকত জজ খেলপথাৰত আছুৰ মুকলি বিহু লোকে-লোকাৰণ্য হৈ পৰে৷ তাৰ পিছতে জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন, প্ৰয়াত শকুন্তলা চৌধাৰীৰ পৰিয়াল, ধৰ্মেশ্বৰ ইংতি, অনুৰাধা শৰ্মা পূজাৰী, ছবিলাল উপাধ্যায়, দিগন্ত বিশ্ব শৰ্মা, ড০ মৃণাল কলিতা আদিক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সংগীত পৰিচালক দশৰথ দাসে জজ খেলপথাৰত বিহুৰ পতাকা উত্তোলন কৰাৰ লগতে উজনি জনপ্ৰিয় চেও বিহু হুঁচৰি দলে বিহু নৃত্য প্ৰদৰ্শন কৰে৷