কলকাতা, ২৮ মাৰ্চ ঃ পশ্চিম বংগৰ বিধানসভাৰ বাজেট অধিৱেশন আজি হতাহতিৰ মাজেৰে অন্ত পৰে৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সদনত আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে ক’বলৈ বিজেপিয়ে দাবী জনোৱাৰ পাছতে তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ বিধায়কৰ মাজত হতাহতি, ঘুচিয়াঘুচি লাগে৷ উল্লেখযোগ্য যে বীৰভূম জিলাৰ ৰামপুৰহাটত এটা পৰিয়ালৰ জ্জ্বজন লোকক দুবৃৰ্ত্তই দুদিনমান আগতে পুৰি মৰা কাণ্ডৰ পাছত ৰাজ্যখন উত্তপ্ত হৈ আছে৷ উক্ত ঘটনাৰ কথা বিধানসভাত উলিয়াই বিজেপিয়ে সদনৰ মজিয়ালৈ গৈ মুখ্যমন্ত্ৰীৰ বিবৃতি দাবী কৰে৷ অধ্যক্ষ বিমান বেনাৰ্জীয়ে বিজেপিৰ বিধায়কসকলক শান্ত কৰাৰ চেষ্টা কৰে যদিও বিফল হয়৷
ইয়াৰ পাছতে কথা কটাকটি আৰু পাছত হতাহতি তথা ঘুচিয়াঘুচিৰ সৃষ্টি হয়৷ পাছত বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীকে ধৰি বিজেপিৰ প্ৰায় ২৫জন বিধায়কে সদনৰ ভিতৰত তৃণমূলৰ সদস্যই প্ৰহাৰ কৰা বুলি অভিযোগ কৰি সদন ত্যাগ কৰে৷ ইফালে তৃণমূলৰ নেতা তথা মন্ত্ৰী ফিৰহাদ হুছেইনে অভিযোগ কৰে যে বিজেপি সদনত বিশৃংখলা সৃষ্টি কৰিবলৈ নাটক কৰিছে৷ তেওঁ কয় যে হতাহতিত তৃণমূলৰ কিছু বিধায়কো আহত হৈছে৷ উল্লেখযোগ্য যে উক্ত হতাহতিত আহত হোৱাসকলৰ ভিতৰত তৃণমূলৰ অসিত মজুমদাৰ আৰু বিজেপিৰ মুখ্য হুইপ মনোজ টি)াও আছে৷ দুয়োজনকে চিকিৎসালয়লৈ লৈ যোৱা হয়৷
মজুমদাৰে অভিযোগ কৰে যে তেওঁক শুভেন্দু অধিকাৰীয়ে নাকত ঘোচা মাৰে৷ কিন্তু অধিকাৰীয়ে এই অভিযোগ নাকচ কৰে৷ ইফালে পাছত বিধানসভাৰ অধ্যক্ষই বিৰোধী নেতা শুভেন্দু অধিকাৰীকে ধৰি বিজেপিৰ পাঁচজন বিধায়কক এই বছৰৰ পৰৱৰ্তী অধিৱেশনবোৰলৈকে নিলম্বন কৰে৷ ইফালে পশ্চিম বংগৰ বিধানসভাত হোৱা হুলস্থূলৰ পাছত বিজেপিৰ এজন সাংসদ সৌমিত্ৰ খানে লোক সভাৰ বাজেট অধিৱেশনৰ শূন্যকালত সংবিধান অনুসৰি পশ্চিম বংগত কেন্দ্ৰৰ হস্তক্ষেপ দাবী কৰে৷ তদুপৰি বিজেপিৰ সাংসদে সংসদৰ চৌহদত থকা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত উক্ত ঘটনাৰ প্ৰতিবাদো কৰে৷