মৰিগাঁৱৰ মৰাকলং পথাৰত মৃত্যু হ'ল শতাধিক বিভিন্ন পক্ষীৰ

 

মৰিগাঁও,৩০ এপ্ৰিল ঃ  নানাৰঙী পক্ষীৰ কোকিল কুঞ্জনে আমাৰ মন পুলকিত কৰাই নহয় এই পক্ষীসমূহৰ বাবেই পৃথিৱীখন জীৱৰ বাসোপযোগীও হৈ আছে৷ কিন্তু এচাম অসাধু ব্যক্তিৰ কৰ্মকাণ্ডৰ বাবে দিনক দিনে এই পক্ষীসমূহ হ্ৰাস পাবলৈ ধৰি আহিছে৷ আজি পুনৰবাৰ তেনে এক অনৈতিক কাৰ্য সংঘটিত হ’ল মৰিগাঁও জিলাৰ মৰাকলং গাঁৱৰ তেতেলী আতিত ৷

প্ৰাপ্ত অভিযোগ অনুসৰি  মৰিগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী জিত্ৰ বৰদলৈৰ পৰিয়ালে কালি শস্য পথাৰত ঘৰচীয়া জন্তুক মাৰিবলৈ থায়দিন নামৰ বিষাক্ত দ্ৰব্য খাদ্যত মিহলাই পথাৰত সিচি দিয়ে আৰু সেই খাদ্য খাই পোহনীয়া পাৰ চৰাইৰ লগতে শতাধিক কপৌ, ঘৰচিৰিকা বগলী, কণামুচৰি, শালিকা আদি মৃত্যু মুখত পৰে৷ উক্ত ঘটনাৰ সম্ভেদ পোৱাৰ মাত্ৰকে প্ৰকৃতিপ্ৰেমী মঞ্চঃ অসমৰ একাংশ সদস্য গৈ ঘটনাস্থলীত উপস্থিত হয়৷

কিন্তু পৰিতাপৰ কথা= কৱিন্দ্ৰ ৰাজ শইকীয়া নামৰ যিগৰাকী স্থানীয় সচেতন ব্যক্তিয়ে প্ৰকৃতিপ্ৰেমী মঞ্চঃ অসমক উক্ত খৱৰ প্ৰেৰণ কৰিছিল তেখেতৰ লগত  জিত্ৰ বৰদলৈৰ পৰিয়ালে বাকযুদ্ধত লিপ্ত হয়৷ অৱশ্যে প্ৰকৃতিপ্ৰেমী মঞ্চৰ সদস্য সকলৰ হস্তক্ষেপত দুয়োপক্ষ ক্ষান্ত হয়৷

শেষত মঞ্চৰ কোষাধ্যক্ষ ধীৰাজ পাতৰ আৰু সহযোগী সকলে সাম্পতিক সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ  প্ৰাসংগিকতা আৰু বন্যপ্ৰাণী সংৰক্ষণ আইনৰ বিষয়ে বুজনি দিয়াতহে পৰিস্থিতি নিয়ন্ত্ৰণ হয়। তাৎপৰ্যপূৰ্ণ বিষয় এইয়ে যে  সচেতন মহলৰ জ্ঞাতে বা অজ্ঞাতে প্ৰতিদিনেই সৰ্বৰ্তে নিৰ্বিচাৰে পশু পক্ষীৰ নিধন যজ্ঞ চলিয়েই আছে৷

এই সন্দৰ্ভত ৰাজ্যৰ  বন বিভাগৰ বিষয়া কৰ্মচাৰী সকলে এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে অসম বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত বিধিগত কঠোৰ  ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলে কিছু পৰিমাণে হ্ৰাস পাব বুলি মন্তব্য কৰিছে সচেতন মহলে।

 

Post a Comment

Previous Post Next Post