অসম-ছিংগাপুৰ সম্পৰ্কৰ নৱ অন্বেষণ

ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰী থাৰমন শানমুগাৰত্নমে এক উচ্ছ পৰ্যায়ৰ প্ৰতিনিধি দলক নেতৃত্ব প্ৰদান কৰি পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰসমূহৰ অন্বেষণৰ বাবে অসমলৈ আহে৷ তেওঁৰ এই দুদিনীয়া ভ্ৰমণসূচীয়ে অসমক ছিংগাপুৰে প্ৰদান কৰা গুৰুত্বৰ ইংগিতক বহন কৰিছে৷ দেশৰ কেইটিমান আগশাৰীৰ ব্যৱসায়িক গোটৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাকে ধৰি কেইবাটাও চৰকাৰী কাৰ্যসূচীৰ সফল ৰূপায়ণেৰে শানমুগাৰত্নমৰ এই ভ্ৰমণসূচী উল্লেখনীয় হৈ ৰ’ব৷

ছিংগাপুৰৰ প্ৰতিষ্ঠান চাৰবানা জুৰঙৰ ভাৰতীয় শাখা জুৰং কনচাল্টেণ্টছ্‌ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰথম দিনাই অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু শানমুগাৰত্নমে মহানগৰস্থিত এখন হোটেলত এখন ‘অভিপ্ৰায়পত্ৰ’ (Letter of Intent)ত স্বাক্ষৰ কৰে৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই অভিপ্ৰায়পত্ৰ স্বাক্ষৰ কৰাৰ ফলত অসম আৰু ছিংগাপুৰৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব৷ লগতে, গুৱাহাটীক এখন বিশ্বমানৰ চহৰলৈ উন্নীত কৰাৰ বাবে এক মাষ্টাৰপ্লে­নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁ কয় যে চাৰবানা জুৰঙৰ দক্ষতাপূৰ্ণ অভিজ্ঞতাই এই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব৷

শীতল-ভঁৰাল, যোগান শৃংখলাৰ আন্তঃগাঁথনি আৰু আধুনিক পৰিবহণ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ দিশতো ড॰ শৰ্মাই আলোকপাত কৰে৷
থাৰমন শানমুগাৰত্নমে ক’ভিডোত্তৰ কালৰ সম্ভাৱনীয়তা সম্পৰ্কে কয়, “এতিয়া যিহেতু আমি ক’ভিড-১৯ৰ আটাইতকৈ বেয়া পৰ্যায়টোক অতিক্ৰম কৰি আহিছোঁ আৰু বিশ্ব ক্ৰমান্বয়ে স্থিতাৱস্থাৰ দিশলৈ অগ্ৰসৰ হৈছে, অসমেও অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত থকা ইয়াৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব৷ মই নিশ্চিত যে পাৰস্পৰিক দক্ষতাৰ সহযোগিতাৰ ক্ষেত্ৰত আমি (ছিংগাপুৰ আৰু অসম) উত্তম আৰু বিশ্বস্ত অংশীদাৰ হ’ব পাৰিম৷”

ইয়াৰ পূৰ্বে শানমুগাৰত্নমে নেষ্ট, অসম ষ্টাৰ্ট আপো পৰিদৰ্শন কৰে৷ ছিংগাপুৰৰ প্ৰতিনিধি দলটোৱে অসমৰ মুখ্যমন্ত্ৰী আৰু কেইগৰাকীমান কেবিনেটৰ মন্ত্ৰীৰ উপস্থিতিত পৰিবহণ বিভাগৰ বিষয়াবৰ্গৰ সৈতে বাৰ্তালাপত মিলিত হৈ নদী সংযোগৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সম্ভাব্য দিশসমূহৰো অন্বেষণ কৰে৷

অসম ভ্ৰমণসূচীৰ দ্বিতীয়দিনা ছিংগাপুৰৰ জ্যেষ্ঠ মন্ত্ৰীগৰাকীয়ে শুৱালকুছিৰ বয়ন কেন্দ্ৰ পৰিভ্ৰমণ কৰি শিপিনীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ পৰৱৰ্তী সময়ত আইআইটি, গুৱাহাটী ভ্ৰমণকালত প্ৰতিষ্ঠানটোৰ বহনক্ষম পলিমাৰ আৰু নেন’টেকন’লজী কেন্দ্ৰটো (Centre for Sustainable Polymer and Nanotechnology) তেওঁ পৰিদৰ্শন কৰে৷ সদৌ শেষত শানমুগাৰত্নমে উত্তৰ-পূব দক্ষতা কেন্দ্ৰত উপস্থিত হয়, য’ত ছিংগাপুৰৰ আইটিইইএছৰ তৰফৰ পৰা এএছডিচিলৈ উত্তৰ পূব দক্ষতা কেন্দ্ৰৰ ‘সম্পূৰ্ণতাৰ প্ৰমাণপত্ৰ’ (Certificate of Completion) আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷

Post a Comment

Previous Post Next Post