তালিবানে আফগানিস্তানত ক্ষমতা দখল কৰাৰ পাছৰে পৰা দেশখনৰ যুৱতী-মহিলা সকলৰ বাবে বিভিন্ন কঠোৰ নিয়ম প্ৰৱৰ্তন কৰিছে।
প্ৰথমে বিমানত পুৰুষ অভিভাৱক অবিহনে মহিলা সকলক উঠাৰ ক্ষেত্ৰত তালিবানে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত এতিয়া আফগানিস্তানৰ পাৰ্ক সমূহত মহিলা আৰু পুৰুষৰ প্ৰৱেশৰ ক্ষেত্ৰতো বিশেষ নিয়ম আৰোপ কৰিছে তালিবানে।
তালিবানৰ শেহতীয়া নিৰ্দেশনাবলী অনুসৰি, দেশখনৰ পাৰ্ক সমূহত এতিয়াৰে পৰা ভিন্ন-ভিন্ন দিনতহে পুৰুষ আৰু মহিলা সকলে প্ৰবেশ কৰিব পাৰিব। অৰ্থাৎ এতিয়াৰ পৰা আফগানিস্তানত পুৰুষ আৰু মহিলা অথবা যুৱক-যুৱতী সকলে একেলগে পাৰ্কলৈ যাব নোৱাৰিব।
তালিবানৰ নিৰ্দেশনাবলী মতে, মহিলা আৰু যুৱতী সকলে পাৰ্কত সপ্তাহত তিনিদিন প্ৰৱেশ কৰিব পাৰিব আৰু পুৰুষ সকলে সপ্তাহত চাৰিদিন প্ৰৱেশ কৰিব পাৰিব।
উল্লেখযোগ্য য়ে, ইয়াৰ পূৰ্বে তালিবানে দেশখনৰ বিদ্যালয়ৰ মাধ্যমিক পৰ্য্যায়ত ছাত্ৰীসকলক শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।