তিনিচুকীয়া, ২৭ মাৰ্চ: অৰুণাচল প্ৰদেশৰ নামটকত বৃহৎ মাৰাণাস্ত্ৰসহ দুজন নাবালক এন এছ চি এন ( আই এম)ৰ সদস্যক তিনিচুকীয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন এন এছ চি এন ( আই এম) সদস্য দুজনৰ পৰা দুটা এইছ কে ৰাইফল,দুটা আই ই ডি,২৮৩ ৰাউণ্ড সজীৱ গুলি,এ টি এম কাৰ্ড তিনিখন, তিনিটা মোবাইল তিনিচুকীয়া আৰক্ষীয়ে উদ্ধাৰ কৰিছে।
দুই সদস্যই এজন লিংকমেনৰ সহযোগত নামটক আৰু অসমৰ জাগুনত ব্যাপক হাৰত ধনদাবী কৰি আহিছিল বুলি প্ৰকাশ।
গোপন খবৰৰ ভিত্তিত তিনিচুকীয়া ৰেলৱে ষ্টেচনত আটক কৰি দুই সদস্যৰ লগত লৈ নামটকত অভিযান চলাই উজনি অসমৰ ডি আই জি জিৎমল দলে আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতীয়ে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ- শস্ত্ৰ জব্দ কৰিছে ৷