গুৱাহাটী, ১৭ জুনঃ সমগ্ৰ বিশ্বতে মধুমেহ ৰোগ এক সচৰাচৰ ৰোগত পৰিণত হৈছে। ভাৰতক আনকি মধুমেহৰ ৰাজধানী বুলিও কোৱা হয়, কিয়নো দেশখনত এনে ৰোগীৰ সংখ্যা কোটিতকৈ অধিক। এই ৰোগ কাৰোবাৰ হ'লে, গোটেই জীৱনলৈ ই থাকি যায়। মধুমেহ ৰোগীসকলে সদায়ে ৰক্ত শৰ্কৰাৰ স্তৰ বজাই ৰাখিব লাগিব নহলে আন বহুতো ৰোগত আক্রান্ত হোৱাৰ আশংকা থাকে।
মধুমেহ ৰোগীসকলক মিঠা খাদ্যৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়। এতিয়ালৈকে এই ৰোগৰ বাবে কোনো দৃঢ় চিকিৎসা পোৱা হোৱা নাই, কিন্তু স্বাস্থ্যকৰ আহাৰ খাই, এজন মধুমেহ ৰোগী স্বাস্থ্যৱান হৈ থাকিব পাৰে।ইপিনে, মধুমেহ ৰোগীসকলৰ বাবে অতিকৈ উপকাৰী সেউজীয়া শাকবিধ হৈছে মেথিশাক। ইয়াৰ সেউজীয়া পাতবোৰ মধুমেহ ৰোগীৰ বাবে অতিকৈ কাৰ্যকৰী বুলি গণ্য কৰা হয়।
লগতে, মেথি গুটিত প্ৰ'টিন প্ৰাকৃতিক চৰ্বি, কাৰ্বোহাইড্ৰেট, কেলচিয়াম, লো, আঁহ, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, ছডিয়াম, জিংক, ভিটামিন চি, থিয়ামিন, নিয়ামিন, ৰাইবোফ্লেভিন, ভিটামিন-বি ৬, ভিটামিন এ, ভিটামিন কে, ফোলেট, শক্তি, এণ্টিঅক্সিডেণ্ট, চেলেনিয়াম, এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েলৰ দৰে গুণাগুণ পোৱা যায়।
~ মধুমেহত মেথি আৰু ইয়াৰ পাতৰ লাভালাভ• মেথিপাতে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।
• মেথিত দ্ৰৱণীয় আঁহ পোৱা যায় যি য়ে শৰ্কৰা শোষণ কৰাৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে।
• মেথিশাকৰ লগতে ইয়াক মচলা হিচাপে ব্যৱহাৰ কৰা হয়।
• নিয়মীয়াকৈ মেথি খোৱাৰ ফলত শৰীৰত বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস হয়, যাৰ ফলত মধুমেহৰ আশংকাও হ্ৰাস হয়।
• হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে মেথিপাত কোনো ঔষধতকৈ কম নহয়।
• যদি প্ৰতি নিশা আৰু পুৱা মেথি তিয়াই থোৱা পানী খোৱা হয়, তেনেহ'লে বৰ্ধিত ওজন দ্ৰুতগতিত হ্ৰাস হয়।