ৰাজ্যত প্ৰাক্‌ মৌচুমীৰ আগমন, অঞ্চল ভেদে প্ৰৱল ধুমুহা আৰু বজ্ৰপাতৰ আশংকা


 গুৱাহাটী,২৯ মাৰ্চ:জলবায়ুৰ আংশিক পৰিৱৰ্তনৰ ৰাজ্যবাসীয়ে উমান পাইছিল যদিও প্ৰাক্‌ মৌচুমী জলবায়ুৰ আগমনত উষ্ণতাৰ প্ৰশমন ঘটা পৰিলক্ষিত হৈছে৷ বিগত সপ্তাহত পাৰাস্তম্ভই ৩৬ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছিল যদিও শেহতীয়াকৈ প্ৰাক্‌ মৌচুমী জলবায়ুৰ আগমনে পুনৰ শীতলতা নমাইছে উত্তৰ-পূৰ্বাঞ্চলত৷ 

 

উল্লেখযোগ্য যে বিগত দুটা সপ্তাহ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বতৰত আৰ্দ্ৰতা বৃদ্ধি পোৱাৰ উপৰি পাৰস্তম্ভ ৩৬ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হৈছিল।উত্তৰ-পূৰ্বাঞ্চলত ফেব্ৰুৱাৰী-মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে এনেধৰণৰ উষ্ণতা বৃদ্ধি পৰিলক্ষিত হৈছিল৷ বায়ুমণ্ডলত ধূলিকণাৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি আৰু সূৰ্যৰ প্ৰত্যক্ষ ৰশ্মি পৰাৰ বাবে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উষ্ণতা বৃদ্ধি ঘটা বুলি ইতিমধ্যে জানিবলৈ দিছে বতৰ বিজ্ঞান প্ৰতিষ্ঠানে৷

বৰঝাৰস্থিত বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি ৰাজ্যলৈ প্ৰাক্‌ মৌচুমী জলবায়ুৰ আগমন ঘটাত বিলম্ব হোৱা বাবে ৰাজ্যত বৃদ্ধি পাইছিল তাপমাত্ৰা৷ লক্ষণীয় যে ফেব্ৰুৱাৰীৰ অন্তিম সপ্তাহৰ পিছত ৰাজ্যত পাতলীয়া বৰষুণৰ লগতে ধূলিৰ ধুমুহা পৰিলক্ষিত হয় যদিও এইবেলি প্ৰাক্‌ মৌচুমী জলবায়ুৰ আগমন ঘটাত বিলম্ব হোৱা বাবে পাতলীয়া বৰষুণ আৰু ধুমুহা পৰিলক্ষিত নোহোৱাত পাৰাস্তম্ভ বৃদ্ধি পাইছিল৷

বৰঝাৰস্থিত বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বায়ুমণ্ডলত প্ৰৱেশ কৰিছে প্ৰাক্‌ মৌচুমী জলবায়ু৷ যাৰ ফলত বিগত দুটা দিন অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেতবোৰ অঞ্চলত পাতলীয়া বৰষুণকে আদি কৰি ধুমুহা বলা পৰিলক্ষিত হ'ব। এনে অৱস্থাত ৰাজ্যৰ জলবায়ুৰ তাপমাত্ৰা কিছু পৰিমাণে হ্ৰাস হৈছে৷ 

বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি আগন্তুক এটা মাহত প্ৰাক্‌ মৌচুমী জলবায়ুৰ প্ৰভাৱ প্ৰবল হ’ব৷ প্ৰবল ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰ আশংকা ব্যক্ত কৰা হৈছে ৰাজ্যকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত৷ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে জানিবলৈ দিয়া অনুসৰি প্ৰাক্‌ মৌচুমী জলবায়ুৰ আগমনৰ পিছতে ৰাজ্যৰ গড় তাপমাত্ৰা তিনি ডিগ্ৰীলৈ হ্ৰাস হ’ব৷ এনে অৱস্থাত বৰদৈচিলাৰ পৰা ৰাজ্যবাসী সাৱধান হোৱাৰ সময় আহি পৰিছে৷

 

Post a Comment

Previous Post Next Post