বহু প্ৰতীক্ষাৰ অন্তত ৰাজ্যৰ বিভিন্ন জিলাৰ মহিলা হিতাধিকাৰী লগতে তিনিচুকীয়া জিলাৰ মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি,২০২১ বৰ্ষ অধীনত নিৰ্বাচিত হোৱা নিয়মীয়া পৰিশোধকাৰী মুঠ ২০২৬গৰাকী মহিলা হিতাধিকাৰীলৈ তিনিচুকীবায়াৰ ইটাখুলি উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে একোখনিকৈ চেক বিতৰণ কৰে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী তথা চাহ জনজাতি তথা পৰিয়াল কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে ।
উল্লেখযোগ্য যে এই আঁচনি লাভ কৰা হিতাধিকাৰী সকলৰ মুখত হাঁহি বিৰিঙা দেখা পোৱা পৰিলক্ষিত হয়।
উক্ত অনুষ্ঠানটিত অসম চৰকাৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ লগতে ইটাখুলি ব্লক মণ্ডল সভাপতি হেমন্ত পাঁচনী ,খণ্ড উন্নয়ন বিষয়া শিখামণি গগৈ ,ইটাখুলি গাওঁ পঞ্চায়তৰ সভাপতি লক্ষ্মী তাঁতী, তিনিচুকীয়া জিলা পৰিষদৰ সদস্য ৰাধা গগৈৰ লগতে বিভিন্ন বেংকৰ বিষয়া সকল উপস্থিত থাকে।
তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট