গুৱাহাটী,১ মে ':ভাৰতত এতিয়াও কিছুমান এনেকুৱা ধৰ্মীয় প্ৰতিষ্ঠান আছে, য'ত নানান ৰহস্য জড়িত হৈ আছে। ঠিক তেনেদৰে ৰাজস্থানটো এনে এক অলৌকিক ঘটনাৰে পৰিপূৰ্ণ এটা মন্দিৰ আছে য'ত দিনত মন্দিৰ ভ্ৰমণ কৰা ভক্তসকল নিশা জঠৰ হৈ পৰে।
খৃষ্টপূর্ব ১১৬১ চনত স্থাপন কৰা এই মন্দিৰটোৰ ঠাইখনৰ নাম আছিল 'কিৰাট ৱেল'। ৰাজস্থানত থকা স্বত্বেও, মন্দিৰটো দক্ষিণ ভাৰতীয় সংস্কৃতিৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল আৰু উক্ত মন্দিৰটোৰ মুঠ পাঁচটা অংশ আছে। এই মন্দিৰৰ অংশসমূহ বেছিভাগেই ধ্বংসৰ গৰাহত। কিন্তু শিৱ মন্দিৰ আৰু বিষ্ণু মন্দিৰৰ অৱস্থা আপেক্ষিক ভাৱে ভালে আছে।
স্থানীয় লোকসকলে বিশ্বাস কৰে যে, পূৰ্বতে এই মন্দিৰত এটা ঘটনা সংঘটিত হৈছিল, যাৰ বাবে এতিয়াও স্থানীয় লোকসকলে যথেষ্ট ভয়ৰে দিন অতিবাহিত কৰিব লগীয়া হৈছে।লোকবিশ্বাস অনুসৰি, বহু বছৰ আগতে এজন সন্ন্যাসী তেওঁৰ শিষ্যসকলৰ সৈতে এই মন্দিৰত উপস্থিত হৈছিল। এদিন তেওঁ শিষ্যকেইজনক মন্দিৰত এৰি খাদ্যৰ সন্ধানত গৈছিল। তেনেতে তেওঁৰ এজন শিষ্যৰ হঠাতে স্বাস্থ্যৰ অৱনতি ঘটাত মাটিত ধলি পৰে। পৰৱৰ্তী সময়ক সন্ন্যাসীজনৰ আন শিষ্যসকলে উক্ত গাওঁবাসীৰ পৰা সহায় বিচাৰিছিল, কিন্তু কোনেও তেওঁলোকক সহায় কৰা নাছিল, আৰু যেতিয়া সন্ন্যাসীজনে পিছত এই বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁৰ যথেষ্ট খং উঠিছিল আৰু গাওঁবাসীক অভিশাপ দিছিল যে, যি লোকে সন্ধিয়াৰ পিছত এই মন্দিৰলৈ আহিব, সেইজন লোক জঠৰ হৈ পৰিব।
লোককথা অনুসৰি, "এগৰাকী মহিলাই সন্ন্যাসীজনৰ শিষ্যসকলক সহায় কৰিছিল। যাৰ বাবে সাধুসকল সন্তুষ্ট হৈছিল আৰু মহিলাগৰাকীক সন্ধিয়াৰ আগতে গাওঁ এৰি যাবলৈ কৈছিল আৰু পিছলৈ ঘূৰি নাচাবলৈ কৈছিল। কিন্তু মহিলাগৰাকীয়ে যাওঁতে এবাৰ পিছলৈ ঘূৰি চালে। যাৰ বাবে মহিলাগৰাকী জঠৰ হৈ পৰিছিল।"
আনহাতে, মহিলাগৰাকীৰ জঠৰ হৈ পৰা প্ৰতিমূৰ্তিটো এতিয়াও মন্দিৰৰ ওচৰত পোৱা যায় বুলি স্থানীয় বাসিন্দা সকলে বিশ্বাস কৰে। এই অভিশাপৰ বাবেই ওচৰৰ গাওঁখনৰ মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছিল। ফলস্বৰূপে, মানুহে এতিয়াও বিশ্বাস কৰে যে যিয়ে সন্ধিয়া এই মন্দিৰলৈ যায়, তেওঁ জঠৰ হৈ পৰিব। সেইকাৰণে উক্ত মন্দিৰটোলৈ কোনেও সন্ধিয়াৰ পিছত যাবলৈ সাহস নকৰে।