গুৱাহাটী,৩০ মাৰ্চ:কৰ্ণাটকৰ পাঠ্যপুথি সংশোধন সমিতিয়ে ৰাজ্যৰ চৰকাৰী পাঠ্যপুথি সমুহৰ পৰা বাবৰ,টিপু চুলতানৰ সমলবোৰ বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সমিতিখনে টিপু চুলতানক গ্ল'ৰিফাই কৰা 'টাইগাৰ অফ মাইচুৰু' বা 'ফ্ৰীডম ফাইটাৰ'ৰ দৰে বাক্য আঁতৰ কৰিব।কেৱল টিপু চুলতানেই নহয় পাঠ্যপুথি সংশোধনৰ সময়ত বাবৰ আৰু টোঘলকৰ পাঠবোৰো ইয়াৰ অধীনলৈ অনা হ'ব।মোগল সাম্ৰাজ্যক অতিৰঞ্জিত কৰা অনুচ্ছেদবোৰো পাঠ্যপুথিৰ পৰা আঁতৰ কৰা হ'ব। মোগলৰ ওপৰত কেৱল এটা সংক্ষিপ্ত অধ্যায়হে পাঠ্যপুথিৰ অংশ কৰা হ'ব।
সমিতিখনে নতুন পাঠ্যক্ৰমত কাশ্মীৰৰ কাৰকোটা ৰাজবংশ আৰু অসমৰ আহোম ৰাজবংশৰ বিষয়ে অধ্যায় যোগ কৰাৰ সিদ্ধান্ত লৈছে।পাঠ্যপুথি সংশোধন সমিতিৰ মুৰব্বী ৰোহিত চক্ৰথিৰ্থই কয়,"পাঠ্যপুথিৰ সকলো তথ্য সত্য নহয়, আমি নিৰপেক্ষ আৰু পোনপটীয়া তথ্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। টিপুৰ বহুতো দিশ সঁচা নাছিল,আমি সেয়েহে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ কিছুমান তথ্য বাদ দিছো"।সমিতিখনে 'এটা নতুন ধৰ্মৰ উদ্ভৱ - বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম' অধ্যায়ৰ পৰিচয় অংশটো আঁতৰাবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে।