অসমৰ অন্যতম এটা ভূমিপূত্ৰ জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ আজিৰ পৰা আৰম্ভ হ'ল বিহু ।

 

ঐতিহাসিক কালৰে পৰা মৰাণ জনগোষ্ঠীৰ লোক সকলে বহাগৰ প্ৰথম মঙ্গলবাৰে উৰুকা , বুধবাৰে গৰু বিহু , বৃহস্পতিবাৰে মানুহ বিহু পালন কৰি আহিছে ।


আজি বহাগৰ প্ৰথম বুধবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত  বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলৰ  সমান্তৰালভাবে তিনিচুকীয়াৰ থানা চাৰিআলিত উলাহ মালহেৰে গৰু বিহু পালন কৰে ।


তিনিচুকীয়া চহৰৰ আশে পাশে থকা শতাধিক পৰিয়ালে একত্ৰিত হৈ বুধবাৰে পূৱাই থানা চাৰিআলিত গৰু গা ধোৱাই গৰুবিহু পালন কৰে ।


ইফালে তিনিচুকীয়াৰ থানা চাৰিআলিত গৰুবিহু পালন কৰি অতিশীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈও চৰকাৰক আহ্বান জনগোষ্ঠীটোৰ ।



তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট

Post a Comment

Previous Post Next Post